WATCH | Sonapur News : কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বিশেষ পদক্ষেপ
সোণাপুৰ,২২মাৰ্চ : কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বিশেষ পদক্ষেপ।
বাহন চালনৰ অনুজ্ঞা পত্ৰ লাভৰ বাবে এইবাৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে গুৱাহাটী মহানগৰীৰ পৰিৱৰ্তে অসম মেঘালয় সীমান্তৱৰ্তী সোণাপুৰৰ দণ্ডৰাইত অনুষ্ঠিত কৰিলে বিশেষ পৰীক্ষণ শিবিৰ।
অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে চলি থকা বিশেষ জন সেৱা মাহৰ লগত সংগতি ৰাখি “ৰাইজৰ সেৱা ৰাইজৰ পদূলীত” শীৰ্ষক কাৰ্য্যসুচীৰ অংশ স্বৰূপে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে সমগ্ৰ জিলা খনতে যানবাহনৰ নথিপত্ৰ, কৰ পৰিশোধ বিষয়ক ওজৰ নিষ্পত্তি আৰু সুৰক্ষিত যাতায়তৰ স্বাৰ্থত বাহনৰ নথি-পত্ৰ সমূহ ততালিকে উন্নীতকৰণৰ বাবে ঘৰে ঘৰে গৈ সেৱা আগবঢ়োৱাৰ ওপৰিও আজি কামৰূপ মহানগৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী দণ্ডৰাই ৰাজহুৱা খেল পথাৰত গাড়ী চলোৱাৰ অনুজ্ঞা পত্ৰৰ বাবে বাহন চালনৰ এক বিশেষ পৰীক্ষণ অনুষ্ঠিত কৰে য’ত পূৰ্বতে লাৰনাৰ লাইচেঞ্চ প্ৰাপ্ত প্ৰায় তিনি শতাধিক আবেদনকাৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়(Sonapur News)।
ইপিনে আজিৰ এই অনুস্থানৰ সৈতে সংগতি ৰাখি পথ সুৰক্ষা সম্পৰ্কীয় এখন সজাগতা সভাও অনুস্থিত হয় সভাত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া তথা পৰিবহন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস উপস্থিত থাকি ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সম্পৰ্কীয় বিভিন্ন বক্তব্য আগবঢ়ায়।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘আপোনালোকৰ মানসিকতা সলনি কৰক”