WATCH | Bohag Bihu : সমাগত বাপতি সাহোন ৰঙালী বিহু;ৰঙালীৰ প্ৰাকক্ষণত ব্যস্ত হৈ পৰিছে দেৰগাঁৱৰ বিহুৰ সাধক বিনোদ ৰাজখোৱা
দেৰগাঁও,২০মাৰ্চ : সমাগত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । ৰঙালীৰ প্ৰাকক্ষণত ব্যস্ত হৈ পৰিছে দেৰগাঁৱৰ বিহুৰ সাধক বিনোদ ৰাজখোৱা।
এটা সময়ত অসমৰ বিভিন্ন প্ৰান্তত বিহু অনুষ্ঠানত দপদপাই থকা শিল্পী বিনোদ ৰাজখোৱা আজি অকলশৰীয়া।
অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পী সকল ব্যস্ত হৈ পৰিছে ৰঙালীৰ আগমুহূৰ্তত। দেৰগাঁৱৰ লোকশিল্পী বিনোদ ৰাজখোৱা ব্যস্ত ম’হৰ শিঙৰ পেঁপা আৰু বাঁহী প্ৰস্তুত কৰাত। আজিও তেওঁ পৰম্পৰাগত পদ্ধতিৰে নিজ হাতেৰে প্ৰস্তুত কৰি আহিছে ম’হৰ শিঙৰ পেঁপা(Bohag Bihu )।
শিল্পী জন ১৯৯৫ চনৰে পৰা বিহুৰ লগত জড়িত । ৩০ টা বৰ্ষ তেওঁ বিহুৰ সাধনাত ব্যস্ত এই শিল্পী জন। শিল্পীজনে ঢোল ,পেঁপা, বাঁহী সকলো বাদ্যযন্ত্ৰ সুন্দৰকৈ পৰিৱেশ কৰিব পাৰে। বিশেষকৈ নাকেৰে ম’হৰ শিঙৰ পেঁপা বজাই চৰ্চাও লাভ কৰিছে শিল্পী জনে। পেঁপাৰ জড়িয়তে দু সাহসিক ক্ৰিয়া পৰিৱেশন কৰিব পাৰে।
পেটত এজনক উঠাইও ম’হৰ শিঙৰ পেঁপা বজাব পাৰে শিল্পী জনে। বয়সে হৰুৱাব নোৱাৰা মনটো আজিও যে থমকি ৰোৱা নাই । তেওঁক আজি নামাতে বিহু মঞ্চ সমূহত নামাতে সাংস্কৃতিক অনুষ্ঠানত, শিল্পী জনে ডিঙিতে ঢোলটো ওলোমাই ঘূৰি ফুৰে ভিতৰুৱা গাঁৱে ভূঞে।
পিছপৰা গাঁৱৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰি আহিছে ঢোল আৰু পেঁপাৰ প্ৰশিক্ষণ। মঞ্চৰ বিপৰীতে ৩০টা বৰ্ষয়ে তেওঁ জড়িত চোতাল বিহুৰ সৈতে।
আজিও তেওঁ লাভ কৰা নাই শিল্পী পেনচন তথাপিও আক্ষেপ নাই। আধুনিকতাৰ মাজত হেৰাই যাব ধৰিছে চহা শিল্পীজন।