Local, Vocal, Global

World Sparrow Day 2025 : আজি বিশ্ব ঘৰচিৰিকা দিৱস

নিউজ ডেস্ক, ২০মাৰ্চ : আজি বিশ্ব ঘৰচিৰিকা দিৱস। আমাৰ সকলোৰে চিনাকি এই চৰাইবিধৰ সুৰক্ষাৰ প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰতিবছৰে ২০ মাৰ্চৰ দিনটোত পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস(World Sparrow Day 2025)।

আজি বিশ্ব ঘৰচিৰিকা দিৱস। প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টি ঘনচিৰিকা । প্ৰতিবছৰে ২০মাৰ্চৰ দিনটোত পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস । আমাৰ সকলোৰে চিনাকি এই চৰাইবিধৰ সুৰক্ষাৰ প্ৰতি সজাগতাৰ উদ্দেশ্যে প্ৰতিবছৰে পালন কৰা হয় ঘনচিৰিকা দিৱস

“Nature Forever Society of India”ৰ দ্বাৰা তথা ফ্ৰান্সৰ Eco-Sys Action Foundation আৰু বিশ্বৰ আন কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সহযোগত এক আন্তৰ্জাতিক পদক্ষেপৰ জড়িয়তে ২০ মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হয় এই বিশ্ব ঘৰচিৰিকা দিৱস।

উল্লেখ্য যে, ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ সংস্থাটোৱে আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত। এই সংস্থা ভাৰতীয় সংৰক্ষণবিদ মহম্মদ দিলৱাৰে প্ৰতিষ্ঠা কৰিছিল। ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে তেওঁৰ অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৮ চনত টাইম আলোচনীয়ে তেওঁক ‘প্ৰকৃতিৰ বীৰ’ তালিকাত স্থান দিছিল।

বিশ্ব ঘৰচিৰিকা দিৱস হৈছে মানুহ-ঘৰচিৰিকাৰ সম্পৰ্কৰ উদযাপনৰ লগতে ইহঁতৰ বাসস্থান ৰক্ষাৰ বাবে এক আহ্বান । ঘৰচিৰিকা বিশেষকৈ সাধাৰণ ঘৰুৱা চৰাই হাজাৰ হাজাৰ বছৰ ধৰি মানুহৰ সংগী হৈ আহিছে যদিও শেহতীয়াকৈ ইয়াৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে ।

বৰ্তমান বিশ্বৰ প্ৰায় সকলোবোৰ ঠাইৰ পৰাই বিলুপ্তপায়ী হ’বলৈ ধৰা ঘৰচিৰিকা অসমৰ পৰাও বিলুপ্তিৰ দিশত। এসময়ত অসমীয়া গ্ৰাম্য সমাজৰ পৰিচয় বহন কৰিছিল এই ঘৰচিৰিকাই। পিছে বৰ্তমান অবাধ বনাঞ্চল ধ্বংস, নগৰীকৰণ, গৃহ নিৰ্মানত পৰিৱৰ্তন আদিৰ ফলত ঘৰচিৰিকা প্ৰায় বিলুপ্তিৰ পথত।

সেয়েহে এই বিলুপ্তপায়ী ঘৰচিৰিকা সংৰক্ষণৰ বাবে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হয়। আজি বিভিন্ন ঠাইত প্ৰকৃতিপ্ৰেমী সংগঠনে বিশ্ব ঘৰচিৰিকা দিৱস উপলক্ষে হাতত লৈছে বিভিন্ন কাৰ্যসূচী।

লগতে পঢ়ক : WATCH | Akhil Gogoi :”কেৱল ভোটৰ লালসাত,ভোট লাভ কৰাৰ স্বাৰ্থত বিজেপিয়ে অসমত বিহাৰ দিৱস উদযাপন কৰিবলৈ লৈছে”