WATCH | PMAY scheme : অভয়াপুৰী গান্ধী ময়দানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুদান পত্ৰ বিতৰণ
অভয়াপুৰী ,১৯মাৰ্চ : অভয়াপুৰী গান্ধী ময়দানত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ ভিত্তিত প্ৰধানমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ, হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক ভাৱে অনুদান পত্ৰ বিতৰণ।
সমগ্ৰ ৰাজ্যৰ লগতে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰী গান্ধী ময়দানত ১৭ নং সৃজনগ্ৰাম সমষ্টি ভিত্তিত প্ৰধান মন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ হিতাধিকাৰীৰ মাজত অনুদান পত্ৰ বিতৰণ কৰা হয়(PMAY scheme)।
টাপাট্টাৰী উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত সভাত হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক ভাৱে অনুদান পত্ৰ বিতৰণ কৰে স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰে।
ইয়াৰ পূৰ্বে দিনৰ ১১-৩০ বজাত ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পালাশবাৰী সমষ্টিৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা সভাৰ পৰা আনুষ্ঠানিক ভাৱে অনুদান পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে।
৪ টা উন্নয়ন খণ্ড,২৫ টা পঞ্চায়তৰে গঠিত ১৭ নং সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত আজি ৩৯৫৮ জন দৰিদ্ৰ হিতাধিকাৰীৰ মাজত এই অনুদান পত্ৰ বিতৰণ কৰা হয়।
আজি অনুষ্ঠিত হোৱা অনুদান পত্ৰ বিতৰণ সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে- টাপাট্টাৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি হানিফ আলী আহমেদ, সমাজ কৰ্মী পূৰ্ণেন্দু বনিক্য, কৌষ্টৱ দাস, জিতু বনিক্য, অতিৰিক্ত সহকাৰী আয়ুক্ত আৰফানুৰ আহমেদ, টাপাট্টাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু বইটামাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াই উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী মুৰ্দাবাদ ধ্বনিয়ে উত্তাল প্ৰতিবাদ