Local, Vocal, Global

WATCH | PMAY scheme : জাগীৰোডৰ জাগীভকতগাঁৱত হিতাধিকাৰীক PMAY ৰ গৃহ অনুমোদন পত্ৰ প্ৰদান

জাগীৰোড,১৯ মাৰ্চ : জাগীৰোডৰ জাগীভকতগাঁৱত জাগীৰোড সমষ্টিৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰৰ আবন্টন পত্ৰ প্ৰদান। মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰদান কৰে অনুমোদন পত্ৰ।

বুধবাৰে সমগ্ৰ ৰাজ্যত ৩ লাখ ৮৮ হাজাৰ হিতাধিকাৰীক প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰ(PMAY scheme)৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৱন্টন পত্ৰ প্ৰদান কৰি শুভাৰম্ভ কৰে কাৰ্যসূচীৰ ৷ ইয়াৰ পিছতে জাগীৰোড সমষ্টিৰ মুঠ ২৭৫৩ গৰাকী হিতাধিকাৰীক আৱন্টন পত্ৰ আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

জাগীৰোড সমজিলাৰ জাগীভকত গাঁও বিষ্ণুৰাভা বিহুতলী মঞ্চত আয়োজন কৰা এক বিশাল ৰাজহুৱা সভা সম্বোধন কৰি এই আৱন্টন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ সকলো হিতাধিকাৰীয়ে যাতে এই ধন ব্যৱহাৰ কৰি ঘৰখন সম্পূৰ্ণকৈ নিৰ্মান কৰে তাৰবাবে সকলোকে আহ্বান জনায় মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

লগতে পঢ়ক : WATCH | Nalbari News: বৰক্ষেত্ৰীৰ মধ্য কাজিয়া চৰত মাকৈ খেতিৰে কৃষি বিপ্লৱ