WATCH | Bilasipara News : অৱশেষত অসমবাসীৰ আগত ক্ষমা খুজিলে বিধায়ক ছামছুল হুদাই
বিলাসীপাৰা,১৯ মাৰ্চ : অৱশেষত অসমবাসীৰ আগত ক্ষমা খুজিলে বিধায়ক ছামছুল হুদাই।
মহৰিক কল গছৰে প্ৰহাৰ কৰা ঘটনাক লৈ লজ্জিত বিধায়ক গৰাকী(Bilasipara News)।
উল্লেখ্য যে, বিলাসীপাৰাৰ বিধায়কৰ ৰুদ্ৰ ৰূপ। মঙলবাৰে বিলাসীপাৰাৰ দৈখোৱা বজাৰত এখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে উপস্থিত হৈছিল পূৱ বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদা। পিছে সেই ঠাইত উপস্থিত হৈ সৰু কলগছ দেখি খং উঠিল বিধায়কৰ। কলগছ লগোৱা ঠিকাদাৰ অবিনাশ আগৰৱালৰ কৰ্মচাৰীক সকলোৰে সন্মুখতে প্ৰহাৰ কৰাত লাগিল বিধায়ক হুদা।
কেৱল ইমানেই নহয়, ঠিকাদাৰৰ মহৰীজনলৈ একপ্ৰকাৰৰ চোঁচা ল’লে বিধায়কে। দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰৰ কৰ্মচাৰীক ৰাজহুৱা স্থানতে মাৰধৰ কৰাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
লগতে পঢ়ক : WATCH | Tiger Roaming : বাগিচাত পাত তুলি থকা সময়তে মহিলা শ্ৰমিকক আক্ৰমণ নাহৰফুটুকীৰ