Local, Vocal, Global

WATCH | Tiger Roaming : বাগিচাত পাত তুলি থকা সময়তে মহিলা শ্ৰমিকক আক্ৰমণ নাহৰফুটুকীৰ

মৰাণ,১৯মাৰ্চ : মৰাণৰ ফটিকাচোৱা বৰবামত অৱস্থিত যুটীয়াবাম চাহ বাগিচাত চাঞ্চল্য ৷ বাগিচাত পাত তুলি থকা সময়তে মহিলা শ্ৰমিকক আক্ৰমণ কৰে নাহৰফুটুকীয়ে ৷ নাহৰফুটুকীৰ আক্ৰমণত আহত হয় মহিলাগৰাকী(Tiger Roaming)।

আহত বাগিচাখনৰ শ্ৰমিক ৰীণা কাণ্ডুলানাক মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

ডিব্ৰুগড় জিলাৰ মৰাণৰ ফটিকাচোৱা নেপালী গাঁও, ফটিকাচোৱা অভয়পুৰীয়া, বৰবাম, ইকৰাণী, চামগুৰী, ঘোঁৰাঘাচ আদি অঞ্চলত বিগত কেইবামাহো ধৰি কেইবাটাও নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছে ৷ ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ এই বৃহৎ অঞ্চলটোত বহু পৰিয়ালৰ গৰু, ছাগলী, গাহৰি আদি ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছে নাহৰফুটুকী বাঘে ৷

ভূক্তভোগী ৰাইজে কেইবাবাৰো বন বিভাগক অৱগত কৰিছে যদিও কোনোধৰণৰ তৎপৰতা গ্ৰহন নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ আজিৰ ঘটনাৰ পাছতে যুটীয়াবাম চাহ বাগিচাৰ শ্ৰমিকসকল আতংকত হৈ পৰিছে ৷ ৰাইজে পুনৰ বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে ৷

লগতে পঢ়ক : WATCH | Assam Orunodoi 3.0 Scheme : বিলাসীপাৰাত অৰুণোদয় ৩.০ আঁচনিত হিতাধিকাৰী বাচনিত নামত ব্যাপক অনিয়ম