Local, Vocal, Global

WATCH | Goreswar News : গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনক লৈ অনিশ্চয়তা

গোৰেশ্বৰ,১৯মাৰ্চ : গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনক লৈ অনিশ্চয়তা।

তামুলপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় গোৰেশ্বৰ মহাবিদ্যালয়। এই মহাবিদ্যালয়ৰে সোণালী জয়ন্তীক লৈ সূচনা হৈছে বিতৰ্কৰ।

সোণালী জয়ন্তী উদযাপন সন্দৰ্ভত উদযাপন সমিতি আৰু মহাবিদ্যালয় পৰিচালনা সমিতিক এসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ দাবী কেইবাটাও দল-সংগঠনৰ।

অন্যথা মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত তলা লগাই দিয়াৰ হুংকাৰ ।

শৰণীয়া কছাৰী ছাত্ৰ সন্থা,আছু,এজেৱাইচিপি, আক্ৰাছু,এবিএমছু,গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদ আদি সংগঠনৰ নেতৃত্বই আজি গোৰেশ্বৰত যৌথভাবে এখন সংবাদ মেল সম্বোধন কৰি এই হুংকাৰ দিয়ে(Goreswar News)।

সংবাদ মেলত সংগঠন কেইটাৰ নেতৃত্বই সদৰি কৰা মতে অহা ২১মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ কথা আছিল।

কিন্তু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতিয়ে উদযাপন সমিতিৰ উপ-সমিতিসমূহৰ অজ্ঞাতে মইমতালিৰে কাম কৰাৰ বাবেই এতিয়া পূৰ্ব নিৰ্ধাৰিত সময়ত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰাত অনিশ্চয়তাই দেখা দিয়া বুলি অভিযোগ কৰে।

কিয়নো তিনিদিন পিছত সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ হ’ব যদিও এতিয়ালৈকে কোনো প্ৰস্তুতি চলোৱা নাই আৰু সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ দিন যদি পিছুৱাই দিয়া হৈছে তেন্তে মহাবিদ্যালয় পৰিচালনা সমিতি তথা উদযাপন সমিতিৰ উল্লেখিত তিনিগৰাকী বিষয়ববীয়াই এতিয়ালৈকে উপ-সমিতিসমূহক এই বিষয়ে একো জনোৱা নাই বুলিও ছাত্ৰ নেতা কেইগৰাকীয়ে সংবাদমেলত অভিযোগ উত্থাপন কৰে।

লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ