WATCH | Sonari News : সোণাৰিত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ
সোণাৰি,১৯মাৰ্চ : সোণাৰিত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সমদলেৰে সোণাৰিত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ ।
সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত সোণাৰিত ড্ৰাগছ বিৰোধী সজাগতা সমদল।
মাৰাত্মক ড্ৰাগছৰ ব্যৱসায়ী তথা সেৱনকাৰীৰ বিৰুদ্ধে আজি সোণাৰিত সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতি, অসম উন্নতি সভাৰ জিলা সমিতি আৰু অসম সেনাৰ জিলা সমিতিৰ উদ্যোগত তথা সোণাৰি বাসী ৰাইজৰ সহযোগত নগৰখনৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা নগৰখন সমদলেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে(Sonari News)।
আজি এই সমদলত ড্ৰাগছ বিৰোধী বিভিন্ন শ্লোগানেৰে নগৰখনত তীব্ৰ প্ৰতিবাদ জনাই সমদল বাহিৰ কৰা হয়।