WATCH | Unidentified Body Found: ছিপাঝাৰৰ পাথৰিঘাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ
ছিপাঝাৰ,১৯মাৰ্চ : ছিপাঝাৰৰ পাথৰিঘাটত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ।
পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত উদ্ধাৰ হয় মৃতদেহটো।
এখন দোকানৰ সন্মুখত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীৰ খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰে প্ৰাথমিক তদন্ত(Unidentified Body Found)।
আৰক্ষীৰ তদন্তত এখন দোকানত থকা চিচি টিভি কেমেৰা পৰীক্ষা কৰিছে আৰক্ষীয়ে।চিচি টিভি কেমেৰা বন্দী দৃশ্য অনুসৰি যুৱকজনে এটা দুমহলীয়া বিল্ডিঙৰ চাদত উঠা আৰু তলত পৰা। বিল্ডিঙৰ পৰা পৰি মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।
আনুমানিক ৩০ বছৰীয়া আছিল অচিনাক্ত যুৱকজন। ঘটনা সম্পৰ্কে আৰক্ষীৰ তদন্ত অব্যাহত।
লগতে পঢ়ক : WATCH | Guwahati News : মহানগৰীত একাংশ সুৰামত্ত যুৱক-যুৱতীৰ তাণ্ডৱ