WATCH | Jamugurihat News: অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলাৰ সমিতিৰ কাৰ্যকৰী সভা সম্পন্ন
জামুগুৰিহাট,১৭মাৰ্চ : জামুগুৰিহাটৰ তৌভঙাৰ তৰাজান প্ৰাথমিক বিদ্যালয়ত অখিল ভাৰতীয় নেৱাৰ সংগঠন শোণিতপুৰ জিলাৰ সমিতিৰ বৰ্ধিত কাৰ্যকৰী সভা অনুষ্ঠিত হৈ যায় ৷
জিলা সমিতিৰ সভাপতি দীলিপ প্ৰধানৰ সভাপতিত্বত কালি বিয়লি অনুষ্ঠিত সভাই অহা ১৮,১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়(Jamugurihat New)।
উক্ত বাৰ্ষিক অধিৱেশন বিভিন্ন ধৰণৰ কাৰ্য্যসূচী হাতত লৈ নেৱাৰ সকলৰ পৰম্পৰাগত ভাবে চলি অহা বেল বিবাহ সামূহিক ভাবে কৰা হব আৰু নোৱাৰ সকলৰ কৃষ্টি সংস্কৃতিৰ ওপৰত ১৫ দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে উদোক্তা সকলে ।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নেৱাৰ সংগঠনৰ ৰাজ্যিক সমিতিৰ মুখ্য সচিব নীল কমল নেৱাৰে নেৱাৰ সংগঠন শক্তিশালী কৰি ইয়াৰ ভেটি সুদৃঢ় কৰিবলৈ আহ্বান জনায় ।
নেৱাৰ সকলৰ বেল বিবাহ, নীতি নিয়ম বোৰ পালন কৰি সমাজ সংস্কাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । সভাই টৌভঙা তৰাজান শাখাৰ ২৫ জনীয়া নতুন কমিতি খনো গঠন কৰি কৃষ্ণ নেৱাৰক সভাপতি আৰু ৰাজেন নেৱাৰক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। সভাত উপস্থিত থাকে অখিল ভাৰতীয় নেৱাৰ সংগঠন শোণিতপুৰ জিলা সমিতিৰ সম্পাদক ৰাহুল প্ৰধান,উত্তৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি ধন বাহাদুৰ নেৱাৰ আৰু সম্পাদক পদ্ম নেৱাৰৰ লগতে কেশৰ নেৱাৰ, হৰ্ক বাহাদুৰ নেৱাৰকে ধৰি গণ্য মাণ্য ব্যক্তি সকল ৷