WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত নলিনী শৰ্মা দেৱৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
ৰঙিয়া,১৭মাৰ্চ : ৰঙিয়া জয়ন্তীপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা বৰ্তমান গুৱাহাটী ৰূপনগৰ নিবাসী প্ৰয়াত নলিনী শৰ্মা দেৱৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
ৰঙিয়া জয়ন্তীপুৰত জন্মগ্ৰহণ কৰা প্ৰয়াত নলিনী শৰ্মা দেৱে বহু বছৰ ধৰি জয়ন্তীপুৰ অঞ্চলত সাত্তিক পুৰুহিত হিচাপে কৰ্মৰত আছিল কিন্তু পৰৱৰ্তী সময়ত বিবাহ সূত্ৰে থাকিবলৈ লয় গুৱাহাটী ৰূপনগৰত(Rangia News)।
প্ৰয়াত নলিনী শৰ্মাৰ অশেষ প্ৰচেষ্টাত জয়ন্তীপুৰ অঞ্চলত জন্ম হৈছিল ব’ল বমৰ। আনহাতে বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠান সমূহৰ লগত ওঁত:প্ৰোত ভাৱে জড়িত আছিল তেওঁ আজি তেওঁৰ আকস্মিক মৃত্যুত শোঁকত ভাগি পৰে অঞ্চলবাসী।
দেওবাৰে নিশা তেওঁৰ মৃত্যু উপলক্ষে অনুষ্ঠিত হয় এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।প্ৰয়াত নলিনী শৰ্মাদেৱে নিজ পুজিৰে নিৰ্মাণ কৰা জয়ন্তীপুৰ শিৱমন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ কাৰ্য্যসূচী অনুসৰি প্ৰথমে গাঁৱৰ মহিলা সকলে প্ৰয়াত নলিনী শৰ্মা দেৱৰ আত্মাৰ চিৰশান্তি কামনা কৰি মন্দিৰৰ চাৰিওফালে চাকি বন্তি জ্বলাই এক মিনিট সময় মৌন অৱলম্বন কৰে।ইয়াৰ পিছতে আয়তী সকলে নাম পৰিবেশন কৌস্তভ বৃদ্ধি কৰে উক্ত অনুষ্ঠানৰ।
লগতে পঢ়ক : WATCH | Rakibul Hussain : ‘ৰূপহীহাটৰ ঘটনাৰ অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে চৰকাৰে’