Local, Vocal, Global

Watch | Biswanath land Mafia: বিশ্বনাথৰ পেটুলিবাৰীত ভূমি দখলক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট

বিশ্বনাথ: বিশ্বনাথত এইবাৰ ভূ-মাফিয়াৰ নেতৃত্বত একাংশ সন্দেহজনক ব্যক্তিয়ে মাটি দখলৰ চেষ্টা চলাই চাৰিজনকৈ লোকক আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ পেটুলিবাৰীত। আনৰ ম্যাদি পট্টাৰ মাটি গ্ৰাহকক দেখূৱাই দখল কৰাৰ চেষ্টা চলাইছে ভূ-মাফিয়াই।

অভিযোগ অনুসৰি বিশ্বনাথৰ পেটুলিবাৰিত বিকাশ নাৰ্জাৰী আৰু খায়েৰ উপাধিৰ দুটাকৈ মাটিৰ দালালে দিব্যজ্যোতি দাস আৰু দেৱজিৎ দাস নামৰ দুই ভাতৃৰ পেটুলিবাৰীত থকা মাটি দখল কৰিবলৈ কেইজনমান লোকক লৈ আহে। তেওলোকে ফাৰ্মৰ কাষত জেওৰা দিবলৈ ধৰোতে দুই ভাতৃৰ লগত প্ৰথম অৱস্থাত বাক বিতণ্ডাৰ সূত্ৰপাত ঘটে। ইয়াৰ ঠিক আধাঘণ্টা মানৰ পিছত প্ৰায় ২৫ জনকৈ সন্দেহজনক লোক ফাৰ্ম খনলৈ হাতে হাতে লাঠি জোং লৈ আহে আৰু আক্ৰমণ চলাই। এই আক্ৰমণত দিব্যজ্যোতি দাসৰ লগতে দেৱজিৎ দাস, ৰণ্টু দাস আৰু ৰঞ্জিত কুমাৰ দাস আঘাত প্ৰাপ্ত হয়।

ইফালে দাস ভাতৃয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ভূ মাফিয়া বিকাশ নাৰ্জাৰী আৰু খায়েৰৰ লগতে ২৫ জনকৈ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি ভুক্তভোগীয়ে আৰক্ষীক জনাইছে।