Local, Vocal, Global

WATCH | Family Ostracized : মঙলদৈত পুনৰ এঘৰীয়া কৰাৰ ঘটনা;এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছতেই এঘৰীয়া কৰা হ’ল এটি পৰিয়ালক

মঙলদৈ,১৬ মাৰ্চ : মঙলদৈত পুনৰ এঘৰীয়া কৰাৰ ঘটনা। এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পিছতেই এঘৰীয়া কৰা হ’ল এটি পৰিয়ালক।

কন্যাৰ পুত্ৰই মাতৃৰ শেষ কৃত্য কৰাৰ বাবে এঘৰীয়া হ’ল মঙলদৈত। এজন পুত্ৰ আছিল যদিও মাতৃৰ পৰা দুৰত থকাৰ অভিযোগ

একাংশ ৰাইজৰ মতে, নিৰাম নোখোৱা লোকে কাজ কৰ্ম অনুষ্ঠিত কৰিলে উদ্ধাৰ হ’ব নোৱাৰে পৰিয়ালটি। সেয়েহে হিৰাপাৰা গাওঁৰ বীৰেন ডেকাৰ পৰিয়ালটোক এঘৰীয়া কৰিলে গাওঁৰ ৰাইজে। পৰিয়ালটোৰ মৃতকৰ কাম কাজৰ উপস্থিত নহল গাওঁৰ ৰাইজ। আনকি যিগৰাকী জ্ঞাতি আছিল তেওঁকো একাংশই দাবী ধমকিৰে আহিবলৈ মানা কৰাৰ অভিযোগ(Family Ostracized)।

ঘটনা অনুসৰি, যোৱা ৬ মাৰ্চত তুলেশ্বৰী ডেকা নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল। মৃত্যুৰ দিনাখনেই শ্মশানত মৃতকৰ মুখাগ্নি কৰাকলৈ কিছু অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছিল। নাৰায়ণ ডেকা নামৰ এগৰাকী পুত্ৰ আছিল যদিও বহু বছৰৰ পৰাই মাতৃ তুলেশ্বৰী ডেকাক চোৱাচিতা কৰা নাছিল তেওঁ। সেয়েহে পুত্ৰৰ বিপৰীতে মাতৃক সমস্ত চোৱাচিতা কৰি আহিছিল তুলেশ্বৰী ডেকাৰ জীয়ৰী সকলে। যিহেতু জীৱিত সময়ত মাতৃৰ কোনো দায়িত্ব পুত্ৰই লোৱা নাছিল সেয়ে মৃতকৰ সকাম কৰিবলৈ জীয়ৰী সকলে দিবলৈ মান্তি নহল। তাতেই কেনা লাগিল ঘৰখনত।

একাংশ সমাজৰ বৰমুৰীয়াই উলিয়াই দিলে যে জীয়ৰী কৰা শ্ৰাদ্ধ খন বৈধ নহয় সেয়েহে এই শ্ৰদ্ধলৈ সমাজৰ কোনো যাব নোৱাৰে। সেয়েহে উপায়ন্তৰ হৈ পৰিয়ালটোৱে জ্ঞাতি কুটুম্ব অবিহনে এগৰাকী পুৰোহিতক লৈ শ্ৰাদ্ধ খন কৰিব লগা হৈছে। ইফালে পুত্ৰই ও নিজাকৈ মাতৃৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ যো জা কৰিছে।

আনহাতে সমাজৰ যি কেইগৰাকী ব্যক্তিয়ে এঘৰীয়া কৰা বুলি অভিযোগ উত্থাপিত কৰিছে, তেওঁলোকৰ মতে শান্তি শইকীয়া আৰু লিলীমা ডেকাক এঘৰীয়া কৰা হোৱা নাই এয়া তেওঁলোকৰ মনে সজা কথা বুলি মন্তব্য কৰে স্থানীয় ৰাইজে। এতিয়া কোন সছা কোন মিছা পৰবৰ্তী সময়ত ওলাই পৰিব।

লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁৱত সৰ্ব্ব ভাৰতীয় পৰ্যায়ত মাৰাথান দৌৰ প্ৰতিযোগিতা