Local, Vocal, Global

WATCH | Doul Festival : বৰপেটা দৌল মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ

বৰপেটা,১৬মাৰ্চ : বৰপেটা দৌল মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ। লোকাৰণ্য বৰপেটা সত্ৰ৷

দ্বিতীয় বৈকুণ্ঠপুৰি বৰপেটা সত্ৰ নগৰী।

হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে(Doul Festival )।

আবিৰৰ ৰঙত ৰঙীন ৰাজ্যৰ আকাশ-বতাহ। হোলী গীতত মুখৰিত ৰাজ্যৰ চৌদিশ। বৰপেটাৰ কীৰ্তন ঘৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে ।

কণ কণ শিশুসকলৰ মুখে মুখে হোলী গীত চৰ্চিত হৈ পৰিছে । হোলী বুলি ক’লেই গোটেই অসম খনৰ ভিতৰত এক অন্যতম হৈছে বৰপেটা হোলী ।

দুৰ দূৰণিৰ পৰা বৰপেটাৰ হলী চাবলৈ আৰু প্ৰভু শ্ৰী কৃষ্ণৰ আশীষ ল’বলৈ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে।

লগতে পঢ়ক : WATCH | Doomdooma News : ঘৰত কোনো নথকা সুযোগ লৈ চুৰে লৈ গ’ল প্ৰায় ১১ লাখ টকাৰ সোণৰ গহণা, নগদ প্ৰায় ৫ লাখ টকা