WATCH | Boko News : বকোত ৰাভা হাছং পৰিষদৰ নিৰ্বাচনী প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্ব সমাপ্ত

বকো,১৫মাৰ্চ : বকোত ৰাভা হাছং পৰিষদৰ নিৰ্বাচনী প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্ব সমাপ্ত। নগৰমল স্বৰ্গীয়াৰীয়ে দাখিল কৰিলে মনোনয়ন।
অহা ২ এপ্ৰিলত অনুষ্ঠিত হ’ব ৰাভা হাছং পৰিষদৰ নিৰ্বাচন। দক্ষিণ কামৰূপৰ ৰাণীৰ পৰা জয়ৰামকুচীলৈ সমগ্ৰ এলেকা জুৰি গঠিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ পৰিষদীয় সমষ্টি ৩৬ টা।
এই ৩৬ টা সমষ্টিতে হ’ব লগীয়া নিৰ্বাচনৰ বাবে মনোনিবেশ কৰা প্ৰাৰ্থী সকলে নিজৰ নিজৰ এলেকাত আজি দাখিল কৰে মনোনয়ন পত্ৰ। ইফালে বকো উন্নয়ণ খণ্ডৰ কাৰ্য্যালয়ত সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰে ২৩ খলিহাকোঠ সমষ্টিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰীয়ে(Boko News)।