Local, Vocal, Global

WATCH | Sonari News : পুনৰ খহিছে দিচাং নদীৰ ওপৰত থকা ভজো দলং

সোণাৰি,১৫মাৰ্চ : পুনৰ খহিছে দিচাং নদীৰ ওপৰত থকা ভজো দলং। বিপজ্জনক ভাৱে যাতায়ত কৰিছে জনসাধাৰণে।

চৰাইদেউ জিলাৰ পথ যোগাযোগ ব্যৱস্থাত মেৰুদণ্ড স্বৰূপ সোণাৰি-মাহমৰা-মৰাণ সংযোগী পথৰ দিচাং নদীৰ ওপৰত থকা ভজো দলংখনৰ ভজো দিশে থকা পাৰটো আজি খহি পৰাত যাতায়ত বিঘ্নিত হৈ পৰিছে।

বিগত দুদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ষাঠি দশকত নিৰ্মাণ কৰা দলং খনৰ পাৰটো খহি পৰিছে। বিভিন্ন দল সংগঠনৰ দাবী আওকাণ কৰি লোকনিৰ্মান বিভাগে ইতিমধ্যে ব্যৱহাৰৰ অনুপযোগী হৈ পৰা দলং খনেদি দিনে নিশাই গধুৰ জান বাহনৰ চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰাৰ ফলত যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে(Sonari News)।

লগতে পঢ়ক : WATCH | Brutally beaten incident occurred in Bilasipara : বিলাসীপাৰাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা