Local, Vocal, Global

WATCH | Nagaon News : উদুলি- মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

নগাঁও,১৫মাৰ্চ : উদুলি- মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱত অংশগ্ৰহণ কৰি কৃষ্ণ ভক্তিত বিলিন হ’ল অগণন ভক্ত ৷

আজি দ্বিতীয় দিনা গোঁসাই মূৰত ফাকু দিয়া উৎসৱ ৷ উপস্থিত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী উপস্থিত হৈ প্ৰকল্পৰ কাম কাজ বুজ লৈ, কীৰ্তন ঘৰত সেৱা লৈ গুৰু গোৱিন্দৰ ওচৰত মূৰ দোৱাই। অক্টোবৰ মাহত বটদ্ৰৱা প্ৰকল্পটো ৰাইজৰ বাবে মুকলি কৰিব বুলি সংবাদ মাধ্যমৰ আগত জনায়(Nagaon News)।

বটদ্ৰৱাৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰী দেৰগাওঁলৈ উৰামাৰে। হাজাৰ হাজাৰ ভকতৰ পদধূলিৰে দুপৰীয়া নাম কীৰ্তনৰ পাছত গায়ন বায়নৰ ন ধেমালি আইসকলৰ উৰুলি মাগলিক ধ্বনিৰ মাজেৰে গোৱিন্দ গোসাঁইক নোৱাই ধুৱাই নৱ বস্ত্ৰ পৰিধান কৰোৱাৰ পিছত শিৰত ফাকু দিয়া হয়। বটদ্ৰৱাত গুৰুজনাই আৰম্ভ কৰা পৰম্পৰা অনুসৰি গোবিন্দ গোসাঁই শিৰত ফাকু দিয়া পাছতে ভকত বৈষ্ণৱে ফাকু নিৰ্মালী গ্ৰহণ কৰে।

লগতে পঢ়ক : WATCH | Rangia News : কুমাৰপাৰা বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত ৬০তম শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ