WATCH | Road Accident : হোলীৰ আনন্দ উল্লাসৰ মাজতে জয়সাগৰ- লাউঠাৰীত ভয়াবহ দুৰ্ঘটনা
নলবাৰী,১৫মাৰ্চ : হোলীৰ আনন্দ উল্লাসৰ মাজতে জয়সাগৰ- লাউঠাৰীত ভয়াবহ দুৰ্ঘটনা। AS01F Y0449 নম্বৰৰ পালচাৰেৰে খুন্দিয়ালে এখন ই- ৰিক্সাক।
দুৰ্ঘটনাৰ দুচকীয়া বাহনখনৰ দুয়োজন আৰোহীৰ এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে আনজন সামান্য আঘাতপ্ৰাপ্ত হয়।
উল্লেখ্য যে আজি হলী উপলক্ষে জয়সাগৰ গাঁওৰ শ্ৰী শ্ৰী কলীয়া ঠাকুৰ গোঁসাইক প্ৰতিঘৰ লোকৰ মাজলৈ লৈ যোৱাৰ অৰ্থাৎ “গোঁসাই ঘূৰোৱা পৰ্ব” চলি থকাৰ মাজতে সংঘটিত হয় দুৰ্ঘটনাটো। আজিজুৰ চৌধুৰী একে নামৰ দুই বাইক আৰোহীয়ে নলবাৰীৰ দিশৰ পৰা তীব্ৰ বেগত মুকালমুৱালৈ আহি থকা অৱস্থাতে যাত্ৰী বিহীন ই-ৰিক্সাখনত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।
মুকালমুৱাৰ পৰা জাগাৰা বনগাঁও হৈ নলবাৰীলৈ যোৱা অসম মালাৰ অধীনৰ নিৰ্মাণৰত পথটোত তীব্ৰবেগী বাহনে পূৰ্বেও বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত কৰিছে। অৱশ্যে জিলা প্ৰশাসনে পথটিত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনা ৰোধ কৰিবলৈ কি ভুমিকা পালন কৰে সেয়া লক্ষণীয় হ’ব(Road Accident)।
লগতে পঢ়ক :WATCH | Sonapur News : সোণাপুৰৰ মিটনিৰ শ্ৰী শ্ৰী জগন্নাথ ধামত দৌল উৎসৱ