Local, Vocal, Global

WATCH | Rangia News : পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন ১০৪ তম উত্তৰ ৰঙিয়া ৰাজহুৱা দৌলযাত্ৰা মহোৎসৱ

ৰঙিয়া,১৫মাৰ্চ : দেশৰ অন্য প্ৰান্তৰ লগতে বিগত বছৰবোৰৰ দৰে এই বেলিওঁ ১২ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ১০৪ তম্ উত্তৰ ৰঙিয়া ৰাজহুৱা দৌলযাত্ৰা মহোৎসৱ।

পূৱ সীতাৰা দৌল মন্দিৰ প্ৰাংগনত ৰাজহুৱা ভাবে উদযাপন কৰা এই দৌল উৎসৱৰ প্ৰথম দিনতোত ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তলনেৰে উৎসৱটিৰ সকলো কাৰ্যসূচী মুকলি কৰা হয়। পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত ৰাজেন কলিতা দেৱে ৷ আবেলি দিহানাম প্ৰতিযোগিতা অনুস্থিত হয়(Rangia News) ৷

১৩ মাৰ্চৰ দিনা আবেলি ৪ বজাত উদযাপন সমিতিৰ লগতে নিৰ্মাণ সমিতিৰ ৰাজেন কলিতা , দীনেশ কলিতা , বাবুল চন্দ্ৰ কলিতা , ধীৰদত্ত কলিতা আদি লোকসকলৰ উপস্থিতিত সাংসদ ভূৱনেশ্বৰ কলিতাদেৱে অসম দৰ্শন আচনীৰ ধনেৰে তেখেতে আগবঢ়োৱা দৌল মন্দিৰ উন্নতিকৰনৰ কামৰ শুভ উদ্বোধন কৰে লগতে চমু বক্তব্য ডাঙি ধৰে ।

নিশা ৭ বজাত বিগ্ৰহ আনয়নৰ সময়ত আটকধুনীয়া আতচবাজী প্ৰদশৰ্ন চলে। ইয়াৰে আগতে ৬ বজাৰ পৰা একক অসমীয়া আধুনিক নৃত্য প্ৰতিযোগিতা অনুস্থিত হয় ৷ ১৪ মাৰ্চৰ দিনাখনত ৰাতিপুৱা ৮ বজাৰ পৰা বিভিন্ন কাৰ্যসূচীৰ লগতে ৰাজহুৱা ভোগ প্ৰসাদ বিতৰণকে ধৰি সন্ধিয়া ৭ বজাত আমন্ত্ৰিত অসমৰ জনপ্ৰিয় বৰপেটাৰ মহিলাৰ থিয় নাম দলদুটা প্ৰদৰ্শনৰ ব্যৱস্থা কৰে।

১৫ মাৰ্চৰ দিনা স্থানীয় দল সমূহৰ নাম প্ৰসঙ্গৰ ওপৰিও আবেলি ৩ বজাত বিগ্ৰহক লৈ নগৰ পৰিভ্ৰমণ উলিয়াব অৰু পৰিভ্ৰমণৰ শেষত অত্যাধুনিক আতচবাজী চলিব ৷

৫.৩০ বজাত আমন্ত্ৰিত দুটি স্বনামধন্য মহিলা নাম দলৰ প্ৰদৰ্শন থাকিব ৷ ১৬ মাৰ্চৰ দিনা সন্ধিয়া ৭ বজাত অসমৰ স্বনামধন্য আমন্ত্ৰিত কণ্ঠ শিল্পী কেইগৰাকীমান আৰু স্থানীয় কণ্ঠ শিল্পীৰদ্বাৰা সাংস্কৃতিক সন্ধিয়া অনুস্থিত কৰিব ৷ আটাইকেইটা দিনতে সন্ধিয়া আমন্ত্ৰিত লোকসকলৰে বন্তি প্ৰজ্বালন চলি থাকিব ৷ এই কথা উৎসৱ উদযাপন সমিতিৰ লগতে দুজন উদ্যোক্তা দীনেশ কলিতা আৰু হৰেকৃষ্ণ কলিতাই জানিবলৈ দিয়ে লগতে সকলো কাৰ্যসূচীতে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে।