Local, Vocal, Global

Watch | Mushalpur Doul mahotsav: বাক্সাৰ ভোগপাৰাত উদযাপিত হৈছে ১২২ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ

বাক্সা: বাক্সাৰ ভোগপাৰাত উদযাপিত হৈছে ১২২ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ। আনন্দত মতলীয়া অঞ্চলবাসী। শতবৰ্ষ গৰকা বাক্সাৰ একমাত্ৰ পুৰণি দৌল মন্দিৰত কালিৰে পৰা ১৭ মাৰ্চলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ১২২ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভোগপাৰাত ৫ দিন ধৰি চলিবলগীয়া দৌল মহোৎসৱৰ।

আজি দ্বিতীয় দিনা দেখিবলৈ পোৱা গৈছে ঐক্যতাৰ এক জ্বলন্ত নিদৰ্শন। ১৭ খন গাঁৱৰ বিভিন্ন জনগোষ্ঠীৰ ৰাইজে অতীজৰে পৰা একেলগ হৈ অনুষ্ঠিত কৰি আহিছে ভোগপাৰা দৌল মহোৎসৱ । আজি পুৱাৰেপৰা মাংগলিক ধ্বনিৰে মুখৰিত হৈছে ভোগপাৰাৰ আকাশ-বতাহ । ফাকুখেলৰ পৰিৱৰ্তে হোম-যজ্ঞ আৰু আয়তীসকলে দিহানাম জুৰিছে দৌল মহোৎসৱ স্থলীত । পঞ্চম দিনা ফাকু খেলি গোসাঁই ভ্ৰমণ কৰিব বৃহত্তৰ অঞ্চলবাসীয়ে ।