Local, Vocal, Global

Watch | Three youths accused of death of talented player from Jamugurihat, sent to jail: জামুগুৰিহাটৰ প্ৰতিভাৱান খেলুৱৈ শান্তনু প্ৰতিম দাসৰ মৃত্যুৰ ৰহস্যৰ নতুন মোৰ

জামুগুৰি: যোৱা ৮ মাৰ্চৰ নিশা এক পথ দূৰ্ঘটনাত পতিত হৈ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শান্তনুৰ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত ১১ মাৰ্চৰ দিনা মৃত্যু হৈছিল ৷ কিন্তু কিদৰে পথ দূৰ্ঘটনাটো সংঘটিত হৈছিল সেয়া পোহৰলৈ অহা নাছিল ৷ শেহতীয়াকৈ শান্তনুৰ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰাতহে ওলাই পৰে ঘটনাৰ সমগ্ৰ ৰহস্য৷ ৮ তাৰিখে নিজৰ বাইকেৰে নিশা ঘৰলৈ বুলি গৈ থকা অৱস্থাত জামুগুৰিহাটৰ খাদৈচুকত ৷ শান্তনু প্ৰতিম দাসে ৮ তাৰিখে নিশা AS-12-J-8756 নম্বৰৰ এইখন বাইকৰে নিশা ঘৰলৈ বুলি গৈ থকা অৱস্থাত জামুগুৰিহাটৰ খাদৈচুকত এখন ই-ৰিক্সাৰ সৈতে সংঘটিত হৈছিল সেই ৰহস্যজনক দূৰ্ঘটনাতো ৷ দূৰ্ঘটনাতো সংঘটিত কৰিয়েই শান্তনুক সেই স্থানতে পেলাই থৈ নিপু দাস আৰু ভাতৃ ৰূপজ্যোতি দাস,বন্ধু মন্টু দাসক লগত লৈ ই-ৰিক্সা সহিতে পলায়ন কৰিছিল তিনি অভিযুক্তই ৷

দূৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সাখনৰ গৰাকী নিপু দাস শান্তনু প্ৰতিম দাসৰ গৃহৰ সন্মুখৰে চুবুৰীয়া যুৱক আছিল৷ ইয়াৰোপৰি সেইদিনৰ নিশাৰপৰা সমগ্ৰ ঘটনাতো গাপ দি ৰাখিছিল তিনি অভিযুক্তই৷ কিন্তু জামুগুৰি আৰক্ষীৰ জোৰদাৰ তদন্তত কালি নিশা ই-ৰিক্সাখন সহিতে আটক কৰে এই তিনি একেখন গাঁৱৰে অভিযুক্তক৷ নিশা তিনিওকে জেৰাৰ অন্তত দূৰ্ঘটনাতো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে শান্তনুক সেইস্থানতে গুৰুতৰ ভাৱে আহত অৱস্থাত পেলাই থৈ পলায়ন কৰাৰ কথাও আৰক্ষীৰ আগত স্বীকাৰ কৰে অভিযুক্তয়ে ৷

অৱশ্যে একেখন গাঁৱৰে নিতৌ দেখা সাক্ষাৎ হৈ থকা তিনিও যুৱকে কি কাৰণত শান্তনুক হত্যাৰ প্ৰচেষ্টা চলালে সেয়া অদ্যপি পোহৰলৈ অহা নাই৷ ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ 281/103/3(5) ধাৰাত গোচৰ ৰুজু কৰি তিনি অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ইফালে অকাল মৃত্যুক সাৱতি লোৱা প্ৰতিভাৱান খেলুৱৈ তথা শিক্ষক শান্তনু প্ৰতিমৰ গৃহত আজিও শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে৷এটি সন্তানৰ পিতৃ আৰু অন্তসত্বা পত্নীয়ে তেও স্বামীৰ দূৰ্ঘটনাৰ পিছত হত্যাৰ প্ৰচেষ্টা চলোৱা দোষীক উচিত শাস্তি বিহাৰো দাবী তুলিছে৷

ৰহস্যজনক দূৰ্ঘটনাটোত এগৰাকী সুঠাম যুৱকৰ এইদৰে মৃত্যু হোৱা ঘটনা আৰু একেখন গাঁৱৰে প্ৰতিৱেশী তিনি যুৱক এইদৰে অভিযুক্ত হৈ জেল হাজোতলৈ প্ৰেৰণ কৰা ঘটনাই সমগ্ৰ জামুগুৰিহাটতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷