Local, Vocal, Global

Watch | Sipajhar accident: ছিপাঝাৰৰ ঘোঁৰাবান্ধাত ভয়ানক দুৰ্ঘটনা

ছিপাঝাৰ: ছিপাঝাৰৰ ঘোঁৰাবান্ধাত ভয়ানক দুৰ্ঘটনা। তেলৰ টেংকাৰ,ৰোগী কঢ়িউৱা এম্বুলেন্স আৰু দহচকীয়া কন্টেইনাৰৰ মাজত সংঘৰ্ষ। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। গুৰুতৰভাৱে আহত ৰোগী কঢ়িউৱা এম্বুলেন্সৰ যাত্ৰী। GMCH লৈ এগৰাকী ৰোগী লৈ আহিছিল এম্বুলেন্সখনত। গুৰুতৰভাৱে আহত ৰোগীৰ লগত অহা দুগৰাকী অভিভাৱক। NL 01K8515 নম্বৰৰ কন্টেইনাৰখন তেল ভৰাবলৈ ঘোঁৰাবান্ধা তেল ডিপোত সোমাব লওতেই মঙলদৈমুখী AS 01DC0725 নম্বৰৰ তেলৰ টেংকাৰখনে খুন্দা মাৰে কন্টেইনাৰখনত। আনহাতে একেসময়তে গুৱাহাটীমুখী এম্বুলেন্সখনেও খুন্দা মাৰে কন্টেইনাৰখনত। ঘটনাস্থলীত উপস্থিত আৰক্ষী। পলাতক তেলৰ টেংকাৰ আৰু কন্টেইনাৰখনৰ দুই চালক।