Local, Vocal, Global

Watch | koliabor accident: কলিয়াবৰৰ হাতীগাঁও বাগিচাত অচিনাকি বাহনৰ খুন্দাত এটি কনমানি শিশুৰ মৃত্যু

কলিয়াবৰ: কলিয়াবৰৰ হাতীগাঁও বাগিচাত অচিনাকি বাহনৰ খুন্দাত এটি কনমানি শিশুৰ মৃত্যু । নাম গৌৰৱ গাড়া(৪)। ঘৰৰ সমুখৰ পথলৈ ওলাই যোৱাৰ সময়তে সেই পথেৰে অহা চাৰিচকীয়া অচিনাকি বাহনে খুন্দিয়াই থৈ যায় । পাছত শিশুটিক ঘটনাস্থলীৰ পৰা লগে লগে বাগিচা হস্পিতাললৈ নিয়ে। সংকটজনক অৱস্থাত জখলাবন্ধাস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে শিশুটি ইতিমধ্যে মৃত‍ বুলি ঘোষনা কৰে ।