Local, Vocal, Global

Watch | Dhemaji protest: গোগামুখত অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল

ধেমাজি: শিক্ষামন্ত্ৰীৰ গৃহসমষ্টি গোগামুখত অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল। সংবাদ মেল সম্মোধন কৰি ফিক্স প্যেৰ বিপৰীতে অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ নিয়মীয়া কৰ্মচাৰী হিচাপে উন্নীতকৰণৰ দাবী সদৌ অসম সদ্য প্ৰাদেশীকৃত মাধ্যমিক ও উচ্চ প্ৰাথমিকৰ অনা- শিক্ষক কৰ্মচাৰী সন্থাৰ। বহু বাৰ শিক্ষামন্ত্ৰী গৰাকীক কাকূতি-মিনতি কৰিও ন্যায় পোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ অনা শিক্ষক কৰ্মচাৰী সকলৰ।

সম কামৰ সম মৰ্যদা দি চাকৰী নিয়মীকৰণৰ দাবী সংস্থাটোৰ। সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব বিচাৰিও মুখ্যমন্ত্ৰীক সাক্ষাৎ পাবলৈও সক্ষম ন’হল অনা-শিক্ষক কৰ্মচাৰী সকলে। ২০২১-২২ চনতেই নিযুক্তি লাভ কৰা এইসকল কৰ্মচাৰীয়ে দৰমহাৰ নামত লাভ কৰা ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকাৰে পৰিয়াল পোহপাল দিব নোৱাৰি উপায়ন্তৰ হৈ সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ অনা শিক্ষক কৰ্মচাৰী সকলৰ।