Local, Vocal, Global

WATCH | Jorhat News: MY NEWS NE ৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ; যোৰহাট সদৰ থানাৰ SI, কনিষ্টবলক নিলম্বন

যোৰহাট,১৩মাৰ্চ : MY NEWS NE বাতৰি প্ৰভাৱ । ঘোচ বিচাৰি অসম আৰক্ষীৰ উপ পৰিদৰ্শক সন্দিকৈ উপাধি আৰু এজন জোৱান চিল উপাধিৰ নিলম্বন ।

অসম আৰক্ষীক পুনৰ বদনাম কৰিলে যোৰহাট আৰক্ষীয়ে। যোৰহাট সদৰ আৰক্ষীৰ অভিযুক্ত পৰা টকা বিচৰা কৌশল দেখিলে আপোনালোকো হ’ব আচৰিত ।

অভিযুক্তক থানাৰ ভিতৰত বহাই বাহিৰত টকা বিচাৰে অভিযুক্ত পৰিয়ালক(Jorhat News) ।

এয়া হৈছে যোৰহাট সদৰ থানাৰ সন্মুখৰ দৃশ্য । যোৰহাট সদৰ থানাৰ ভিতৰত ৮ জন কৈ অভিযুক্তক এক গোচৰৰ ভিত্তিত সোধপোছৰ বাবে বহাই থোৱা হৈছে ।

অভিযুক্ত কেইজনক সোধ পোছ কৰা আৰক্ষী বিষয়া গৰাকীয়ে এজন আৰক্ষী কনিষ্টবলক পৰিয়াল বৰ্গ কাষলৈ টকা বিচাৰি পঠাইছে ।

প্ৰতিজনে দিব লাগিব ১০০০ টকাকৈ । ৮ জন অভিযুক্ত মুকলাই নিবলৈ লাগে লাগে ৮০০০ টকা ।

সমগ্ৰ কথোপকথন MY NEWS NE সাংবাদিকৰ কেমেৰাত হৈ আৱদ্ধ।

লগতে পঢ়ক : WATCH | Jorhat News : অসম আৰক্ষীক পুনৰ বদনাম কৰিলে যোৰহাট আৰক্ষীয়ে