WATCH | Bongaigaon News : ভুৱা গোচৰত আটক কৰি এজনক নিৰ্যাতন চলোৱাৰ অভিযোগ

বঙাইগাঁও,১৩মাৰ্চ : নৰ্থ বঙাইগাঁও পুলিচ পহৰা চকীত উত্তপ্ত পৰিস্থিতি। দুই লাখ টকা চুৰিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
ঘটনা অনুসৰি, বঙাইগাঁও এছ বি আইৰ পৰা দুই লাখ টকা উলিয়াইছিল বালেশ্বৰ মাহোত নামৰ লোকজনে। টকা উলিয়াই বালেশ্বৰ মাহাতো আহিছিল নৰ্থ বঙাইগাঁৱত।
পিছত বালেশ্বৰ মাহাতো নৰ্থ বঙাইগাঁৱৰ মহেশ ঠাকুৰ নামৰ এজন চিনাকী লোকৰ চেলুনত সোমাই টকাখিনি ড্ৰয়াৰত ভৰাই থৈ শৌচাগাৰত যায়।শৌচাগাৰৰ পৰা ওলাই আহে দেখে যে টকাখিনি নাই(Bongaigaon News)।
পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে বালেশ্বৰ মাহোতে । ঘটনা খবৰ পাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আৰু ৰাজেন্দ্ৰ ৰয় নামৰ এজন টেম্পো চালকক আটক কৰে।
ৰাজেন্দ্ৰৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি ৰাজেন্দ্ৰক ভুৱা গোচৰত আটক কৰি আৰক্ষীয়ে নিৰ্যাতন চলাইছে। ঘটনাক লৈ আজি নৰ্থ বঙাইগাঁও পুলিচ পহৰা চকী উত্তপ্ত কৰি তোলে একাংশলোকে।
লগতে পঢ়ক :WATCH | Traders and locals protest in Dhubri : ধুবুৰী চহৰত উত্তাল প্ৰতিবাদ ব্যৱসায়ী আৰু ৰাইজৰ