WATCH | Dergaon News : দেৰগাঁও বাদুলিপাৰৰ লেপলেপি প্ৰাথমিক বিদ্যালয়ত “শিশু উদ্যান” মুকলি
দেৰগাঁও,১৩মাৰ্চ : আৰ ডি মটৰ্চৰ “প্ৰজেক্ট ২০২৪” ৰ সফল সামৰণি। অসমৰ অগ্ৰণী গাড়ী বিক্ৰেতা প্ৰতিষ্ঠান আৰ ডি মটৰ্চে সামাজিক দায়বদ্ধতা কোষৰ অধীনত ২০২৪/২০২৫ বিত্তীয় বৰ্ষৰ বাবে গ্ৰহণ কৰা “প্ৰজেক্ট ২০২৪” আচঁনিৰ সামৰণি অনুষ্ঠান গোলাঘাট জিলাৰ বাদুলিপাৰৰ লেপলেপী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে আৰ ডি মটৰ্চে এই আঁচনিৰ জৰিয়তে সমগ্ৰ অসমৰ মুঠ ৫২ খন প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ ববে একোখনকৈ শিশু উদ্যান স্থাপন কৰিছে(Dergaon News)।
লেপলেপী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ৰুণিমা শৰ্মাই আঁতধৰা সামৰণি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আটাউদ্দিন আহমেদে আনুষ্ঠানিক ভাবে ফিতাকাটি শিশু উদ্যান খন মুকলি কৰে। অনুষ্ঠানটোত লেপলেপী সমন্বয় কেন্দ্ৰৰ সমল ব্যক্তি ধৰ্মেন্দ্ৰ চাহু, বাদুলিপাৰৰ স্থানীয় ৰাইজ, অভিভাৱক, বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী সকল,বিদ্যালয়ৰ খনৰ পৰিচালনা সমিতিৰ সদস্য সকল,বিদ্যালয়ৰ মাতৃগোটৰ সদস্যা সকলো উপস্থিত থাকে।
কন কন ছাত্ৰ ছাত্ৰীৰ বিহু, ঝুমুৰেৰে মুখৰিত অনুষ্ঠানটোত উপস্থিত থাকি আৰ ডি মটৰ্চ ছেৰিটেৱল ট্ৰাষ্টৰ সমন্বয়ৰক্ষী বিষয়া বিক্ৰম ঠাকুৰে “প্ৰজেক্ট ২০২৪” আঁচনিৰ পৰিসমাপ্তি ঘোষণা কৰাৰ লগতে অসমৰ পাঁচ সহস্ৰাধীক ছাত্ৰ ছাত্ৰীক সামৰি লোৱা এই অভিলাষী আঁচনিখনৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়োৱা দিহা পৰামৰ্শৰ বাবে অসমৰ প্ৰতিটো জাতীয় সংগঠনলৈ কৃতজ্ঞতা জনাই আৰু অনাগত দিনটো আৰ ডি মটৰ্চে এনে ধৰণৰ সামাজিক দায়বদ্ধতা অক্ষুণ্ণ ৰাখি সেৱা আগবঢ়াই যাব বুলি অৱগত কৰে।
অনুষ্ঠানটোত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈয়ে আৰ.ডি.মটৰ্চৰ এই মহৎ পদক্ষেপক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰি এক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।
লগতে পঢ়ক : WATCH | Sivsagar News : শেহতীয়াকৈ দাখিল কৰা বাজেটক লৈ সন্তুষ্ট নহয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ