Watch | Three houses were robbed in Jamugurihat: জামুগুৰিহাটত দিনদুপৰতে তিনিখন গৃহত চুৰিকাণ্ড
জামুগুৰিহাট: জামুগুৰিহাটত দিনদুপৰতে তিনিখন ঘৰত সংঘটিত হয় চুৰিকাণ্ড ৷ অঞ্চলটোৰ চেচাসত্ৰৰ মিন্টু বৰা,বৰিগাঁৱ(ইলেকট্ৰিচিটি)ৰ গোলাপ কলিতা আৰু অসীম বনিয়াৰ বাসগৃহত সংঘটিত হয় চুৰিকাণ্ড৷ এই চুৰিকাণ্ডৰ ঘটনাত চোৰৰ দলে চেচাসত্ৰৰ মিন্টু বৰাৰ বাসগৃহত চিলিং ভাঙি প্ৰৱেশ কৰি সোঁণৰ আ অলংকাৰ,নগদ ১০ হাজাৰ টকা সহিতে প্ৰয়োজনীয় নথি-পত্ৰও চুৰি কৰি নিয়ে ৷ আনহাতে ইলেকট্ৰিচিটি বৰিগাঁৱৰ গোলাপ কলিতাৰ বাসগৃহতো পাচফালৰ দৰ্জাৰ হুক ভাঙি প্ৰৱেশ কৰি প্ৰায় ৫ লক্ষাধিক টকাৰ সোঁণৰ আ-অলংকাৰৰ লগতে ২০ হাজাৰোধিক টকা চুৰ কৰি নিয়ে৷ ইয়াৰোপৰি ইলেকট্ৰিচিটি বৰিগাঁৱৰে অসীম বনিয়াৰ বাসগৃহতো কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দল প্ৰৱেশ কৰি সোণৰ চেইন আৰু ফুলি চুৰ কৰি নিয়ে৷ একেদিনাই দিনদুপৰতে সংঘটিত তিনিটাকৈ চুৰিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটিতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাটত সঘনাই সংঘটিত চুৰিকাণ্ড ঘটনা ৰোধ কৰাৰ দিশত আৰক্ষীক কঠোৰ হ’বলৈ আহ্বান জনাইছে সচেতন লোকসকলে ৷