Watch | Hatsingimari news: অধিবক্তা আৰু আৰক্ষীৰ মাজত অভিযোগ প্ৰতি অভিযোগ অব্যাহত
হাটশিঙিমাৰী: কোনোবাই যদি লিখিত অভিযোগ দাখিল কৰিছে অসম আৰক্ষী সঞ্চালকক ৷ আন কোনোবাই আকৌ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰত লিখিত অভিযোগ দাখিল কৰিছে । দক্ষিণ শালমাৰাৰ কেইজনমান অধিবক্তাই অভিযোগ উত্থাপন কৰে যে দক্ষিণ শালমৰা আৰক্ষী থানাৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই সাধাৰণ ৰাইজক হাৰাশাস্তি কৰে। ৰাইজৰ পৰা ভয় ভাবুকিৰে টকা দাবী কৰাৰ লগতে চোৰাং গৰু সৰবৰাহকাৰী, চোৰাং চেনী সৰবৰাহকাৰী, ড্ৰাগছ সৰবৰাহকাৰীৰ লগত ভাল সম্পৰ্ক থকাৰ উপৰিও জিলাখনৰ বিভিন্ন থানাত কৰ্মৰত হৈ থকাৰ সময়ত বিভিন্ন অনৈতিক কামত জড়িত থকাৰ গুৰুতৰ অভিযোগ কৰাৰ লগতে বহুবাৰ জিলা আৰক্ষী অধীক্ষকক উক্ত আৰক্ষীৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে অভিযোগ দি কোনো সুফল নোপোৱাৰ কথা উত্থাপন কৰি এখন লিখিত অভিযোগ পত্ৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক দাখিল কৰে।
আনহাতে উল্লেখিত অভিযোগৰ পিছতেই আৰক্ষীৰ উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই গুৱাহাটীৰ উচ্চতম ন্যায়ালয়ত অধিবক্তা ক্ৰমে আনিছুৰ ৰহমান,আব্দুছ ছবুৰ আকন্দ,নুৰ আলম ৰিজাউল কৰিম আৰু ৰাকিবুল আলম চাৰিজন অধিবক্তাৰ বিৰুদ্ধে হত্যা ,ধৰ্ষণ, ড্ৰাগছ,ছাইবাৰ অপৰাধ,বাল্য বিবাহ,অপহৰণ আদি ভয়ংকৰ অপৰাধীৰ কেচ ডায়েৰী আদালতত সাধাৰণ ডায়েৰীৰ নিচিনাকৈ দিবলৈ সঘনাই বিৰক্তি কৰি তোলাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰি এখন লিখিত অভিযোগ পত্ৰ দাখিল কৰে ।
গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল কৰাৰ লগতে অসম আৰক্ষী সঞ্চালক প্ৰধান ,দক্ষিণ শালমাৰা মানকাচৰ জিলা আদালত,গুৱাহাটীৰ মূখ্য ন্যায়িক আদালত,দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰে উপ পৰিদৰ্শক জয়ন্ত ৰাজখোৱাই।