WATCH | Sensational incident : ‘মই পলুৱাই নোযোৱাৰ বাবে মোৰ ল’ৰাটো মাৰি পেলাইছে’
হাজো,১২মাৰ্চ : ‘মই পলুৱাই নোযোৱাৰ বাবে মোৰ ল’ৰাটো মাৰি পেলাইছে’ । ‘দোষীক ফাঁচি দিব লাগে’। মোক ন্যায় দিব’! ‘গনিক ফাঁচি দিব লাগে”। ‘মোৰ ল’ৰাক মাৰি এতিয়া ৰাস্তাত দা’ লৈ আমাক মাৰিব বাবে ৰখি আছে গনি’ ।
হাজোৰ বৰ্ণিত চাঞ্চল্যকৰ ঘটনা । অৱশেষত উদ্ধাৰ হ’ল বিগত দহ দিনে নিৰুদ্দেশ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ । বিগত দহ দিনে অন্তৰ্ধান হৈ আছিল নুৰজাফৰ আলী ওৰফে চিন্তু নামৰ যুৱকজন।
নুৰজাফৰক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ পৰিয়াল আৰু গাঁওবাসীৰ(Sensational incident)। সম্পৰ্কীয় খুড়াক চাদ্দাম আলীৰ নেতৃত্বত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো।
অভিযুক্ত চাদ্দাম আলিৰ স্বীকাৰোক্তি ভিত্তিত মুকালমুৱা চুঙৰবড়িৰ এটা খালত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। চাদ্দাম আলিৰ স্বীকাৰোক্তি ভিত্তিত মুকালমুৱাত অভিযান চলাইছিল হাজো আৰক্ষীয়ে।
লগতে পঢ়ক : WATCH | Sonari News : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন