WATCH | Sonari News : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

সোণাৰি,১২মাৰ্চ : অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি সোণাৰিত পালন কৰা হয়। সোণাৰি নগৰস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত আজি পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি ঝৰ্ণা মহনে(Sonari News)।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভাত সংগঠনটোৰ জিলা সভাপতি ঝৰ্না মহন, অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী মণি গগৈ, জ্যেষ্ঠ সাংবাদিক মৃত্যুঞ্জয় দাস আদিয়ে ভাষণ দিয়ে। সভাত সাংবাদিক আব্দুল জাব্বাৰ,জাতীয় মহিলা পৰিষদৰ সোণাৰি আঞ্চলিকৰ সভানেত্ৰী পূৰ্ণীমা সন্দিকৈ, মাহমৰা আঞ্চলিকৰ সম্পাদিকা ৰিজু দুৱাৰা, জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Arunachali liquor seized : শোণিতপুৰত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা