Local, Vocal, Global

WATCH | Road Accident : অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত যুৱক

জাগীৰোড,১২মাৰ্চ : জাগীৰোডৰ বাঘজাপ চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন যুৱক।

নিহত যুৱকজন কুমৈৰ ২৬ বছৰীয়া কুলদীপ শৰ্মা বুলি জানিব পৰা গৈছে(Road Accident) ।

জানিব পৰা মতে জাগীৰোডৰ Soguna Foods নামৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল যুৱকজন।

কৰ্তব্যস্থলীৰ পৰা AS 21K 3677 নম্বৰৰ মটৰচাইকেলেৰে ঘৰমুৱা হোৱাৰ সময়তে পতিত হয় দুৰ্ঘটনাত।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে অচিনাক্ত বাহনখন।

ঘটনাস্থলীত উপস্থিত হৈ জাগীৰোড আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।

লগতে পঢ়ক : WATCH | Akhil Gogoi : ‘চৰকাৰ দেউলীয়া বুলি ঘোষণা কৰক’