Local, Vocal, Global

Watch | Wooden bridges in dilapidated condition: https: এখন ভঙা কাঠৰ দলঙেৰে বিপদ সংকুল যাত্ৰা স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ

নগৰবেৰা,১২মাৰ্চ : এখন ভঙা কাঠৰ দলঙেৰে বিপদ সংকুল যাত্ৰা স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ। বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় সংযোগী পকী পথৰ কৰ্ণৈ নদীৰ ওপৰত থকা কাঠৰ দলঙখনে বিপদ মাতিছে ৰাইজলৈ। যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা স্থানীয় লোকৰ(Wooden bridges in dilapidated condition)।

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় সংযোগী পকী পথৰ কৰ্ণৈ নদীৰ ওপৰত থকা কাঠৰ দলঙখন দীৰ্ঘদিন ধৰি বিধ্বস্ত অৱস্থাত থকাৰ পাছতো লোক নিৰ্মাণ বিভাগে মেৰামতি কৰাৰ কোনো ব্যৱস্থা কৰা নাই।

জহি খহি যোৱা কাঠৰ দলঙখনেৰে দৈনিক চাৰিখন শিক্ষানুষ্ঠানৰ কেইবাশ ছাত্ৰ-ছাত্ৰীৰ লগতে যাতায়াত কৰে শ শ লোক। যিকোনো মুহূৰ্ততে দুৰ্ঘটনাও সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে। শীঘ্ৰে দলঙখন মেৰামতি অথবা পকীকৰণ কৰিবলৈ দাবী জনাইছে ৰাইজে।

লগতে পঢ়ক : WATCH | Bhupen Kumar Borah : ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল