Local, Vocal, Global

WATCH | Jamugurihat News : জামুগুৰিহাটৰ খলিহামাৰীত বাঁহগছত অগ্নিসংযোগ দুৰ্বৃত্তৰ;জুইত জাহ গ’ল ৫০০ৰো অধিক বাঁহগছ

জামুগুৰিহাট,১২ মাৰ্চ : জামুগুৰিহাটৰ খলিহামাৰি গাঁৱৰ এখন বাঁহ বাৰীত নিশা দুৰ্বৃত্তৰ অগ্নি সংযোগ কৰে । দুৰ্বৃত্তৰ অগ্নিসংযোগ ফলত সম্পূৰ্ণ ৰূপেই ভস্মীভূত হয় বাঁহ । দুই জোপাকৈ বাঁহ গছত অগ্নিসংযোগৰ ফলত বৃহৎ জুইয়ে আগুৰি ধৰি ভস্মীভূত কৰে ৫০০ ৰো অধিক বাঁহগছ(Jamugurihat News)।

গাঁওখনৰ যতীন বৰুৱা আৰু দ্বীপেন ভূঞা নামৰ ব্যক্তি দুজনৰ ঘৰৰ পিছফালৰ বাৰীখনত থকা বাঁহগছত লগাই জুই । দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত বাঁহ দুইজোপাৰ মাজত আশ্ৰয় লৈ থকা চৰাই চিৰিকটিৰ মৃত্যুৰ মুখত পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই ঘটনাক একেমুখে ধিক্কাৰ দি তীব্ৰ ভাষাৰে গৰিহনা দিছে গাঁওবাসী ৰাইজে।

লগতে পঢ়ক : WATCH | Morphine seized in Bishwanath: প্ৰথমবাৰৰ বাবে বিশ্বনাথত জব্দ নিষিদ্ধ মৰফিন