Local, Vocal, Global

WATCH | Morphine seized in Bishwanath: প্ৰথমবাৰৰ বাবে বিশ্বনাথত জব্দ নিষিদ্ধ মৰফিন

বিশ্বনাথ,১২মাৰ্চ : বিশ্বনাথ আৰক্ষীৰ অভিযান। অভিযান কালত বিশ্বনাথত প্ৰথমবাৰৰ বাবে ৫৭৬ গ্ৰাম মৰফিন জব্দ।

এক গোপন সূত্ৰৰ পম খেদি বিশ্বনাথৰ লেহুগাঁৱৰ সমীপৰ চাৰিলেন পথত বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই বাইকত অহা জামিল হকক আটক কৰে। পিছত তালাচী চলোৱাত ধৃত জামিল হকৰ পৰা ৫৭৬ গ্ৰাম মৰফিন জব্দ কৰে। জব্দকৃত মৰফিনখিনিৰ বজাৰ মূল্য আনুমানিক ৫৭ লাখ ৬০ হাজাৰ টকা। লগতে এ এছ ৩২ এ ৮৯৪৬ নম্বৰৰ এখন পালছাৰ বাইকো জব্দ(Morphine seized in Bishwanath)।

বাঘমাৰীৰ পৰা আহি বিশ্বনাথৰ কোনো স্থানত বিক্ৰীৰ বাবে আনিছিল । বিশ্বনাথ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰক্ত আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাইৰ নেতৃত্বত চলিছিল এই অভিযান।

লগতে পঢ়ক :WATCH | Cattle Syndicate in Assam : মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীলতাৰ অসমত কোনে চলাইছে গৰুৰ ছিণ্ডিকেট?