Local, Vocal, Global

WATCH | Doomdooma News : অৱশেষত আৰক্ষীয়ে আটক কৰিলে লম্বোধৰ মৰাণৰ হত্যাকাৰীক

ডুমডুমা,১১মাৰ্চ : অৱশেষত আৰক্ষীয়ে আটক কৰিলে মাকুম ডিমৰুহোলা গাঁৱৰ লম্বোধৰ মৰাণৰ হত্যাকাৰী পদুম মৰাণক।

যোৱা ৯ মাৰ্চ তাৰিখে সন্ধ্যা লম্বোধৰ মৰাণৰ নিজ বাসগৃহৰ চোতালত এটা ছাগলীৰ বাবে নিজ ৬০ বছৰীয়া জ্যেষ্ঠ ভাতৃয়ে দা ৰে ঘপিয়াই নৃশংসক ভাৱে হত্যা কৰিছিল ৫৫ বছৰীয়া লম্বোধৰ মৰাণক।

নিজ কনিষ্ঠ ভাতৃক নৃশংসক ভাৱে হত্যা কৰি পত্নীসহ পলাতক অৱস্থাত আছিল পদুম মৰাণ(Doomdooma News)।

বৰডুবি থানা আৰু লাংকাছি আৰক্ষী চকীৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই লক্ষীপথাৰ বনাঞ্চলৰ পৰা আজি আটক কৰিবলৈ সক্ষম হয় পদুম মৰাণক।

পদুম মৰাণৰ সহিতে পত্নীক আটক কৰিবলৈ আৰক্ষীক দাবী জনাইছে ডিমৰুহোলা গাঁও বাসী ৰাইজে।

লগতে পঢ়ক : WATCH | Rangia News : ভিঠেলীপাৰা শ্ৰী শ্ৰী বাসুদেৱ সত্ৰত আজি অন্তিম দিনা