WATCH | Kaliabor News : কলিয়াবৰ আৰক্ষীৰ বৃহৎ সফলতা
কলিয়াবৰ,১১মাৰ্চ : কলিয়াবৰ আৰক্ষীৰ বৃহৎ সফলতা। এক সপ্তাহৰ ভিতৰতে কলিয়াবৰ আৰক্ষীয়ে আটক কৰিলে সত্ৰৰ পৌৰাণিক সম্পদ চুৰি কাৰ্য্যৰ লগত জড়িত অভিযুক্তক। অভিযুক্ত চোৰৰ জিন্মাৰ পৰা ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে চুৰি হোৱা মূল্যবান সামগ্ৰী(Kaliabor News)।
উল্লেখ্য যে, ৪ মাৰ্চ মঙলবাৰে নিশা কলিয়াবৰ আৰক্ষী থানা এলেকাধীন কৰতিপাৰ বগাজন সত্ৰৰ নামঘৰৰ পৰা চুৰি হৈছিল প্ৰায় ৫০০ বছৰ পুৰণি এটি সোনৰ বাঁহীৰ লগতে সোন-ৰূপৰ ফুল।
সত্ৰৰ মনিকূটৰ লগতে শালগ্ৰাম গৃহত নিশা চোৰে প্ৰৱেশ কৰি গোসাঁইৰ বিগ্ৰহ স্নান কৰোৱা সকলো মূল্যবান সম্পদ চুৰি হোৱাৰ খবৰ লাভ কৰাৰ পাছতেই কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ তেৰাং আৰু মহকুমা আৰক্ষী বিষয়া শ্যামন্ত শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল। স্নিফাৰ ডগৰ সহায়ত কলিয়াবৰ আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে অভিযান চলোৱাৰ উপৰিও ৰাতিক দিন কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল অনুসন্ধান আৰু তদন্ত।
তদন্তৰ সময়ত কলিয়াবৰ আৰক্ষীয়ে ধৃত চোৰৰ জিন্মাৰ পৰা উদ্ধাৰ কৰে বিভিন্ন সত্ৰ নামঘৰ আৰু মন্দিৰৰ পৰা চুৰি হোৱা মূল্যবান সা-সামগ্ৰী।
কলিয়াবৰৰ বিভিন্ন সত্ৰ -নামঘৰ, মন্দিৰ, দৌল- দেৱালয় সমূহৰ মূল্যবান সা-সামগ্ৰী চুৰি কৰা অপৰাধী চক্ৰটোৰ মূল অভিযুক্ত জখলাবন্ধা আৰক্ষী থানা এলেকাধীন বিজু ওৰাং আৰু চামগুৰি আৰক্ষী থানা এলেকাধীন জামালুদ্দিনক কলিয়াবৰ আৰক্ষীয়ে ২৭/২০২৫ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি সামগ্ৰী উদ্ধাৰ কৰাত সফলতা লাভ কৰা অসম আৰক্ষীৰ শলাগ ললে ৰাইজে।
লগতে পঢ়ক : WATCH | Doul Festival : দৌল উৎসৱলৈ মাজত মাথোঁ দুটা দিন;আবিৰৰ ৰঙৰে ৰঙীন হ’বলৈ সাজু হৈছে ৰাজ্যবাসী