WATCH | Hatsingimari News : বাঘাপাৰাৰ বৌবজাৰত কালাপানী আৰক্ষীৰ অভিযান
হাটশিঙিমাৰী,১১মাৰ্চ : নিশা বাঘাপাৰাৰ বৌবজাৰত কালাপানী আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত ৫০ টা ভুৱা জন্মৰ প্ৰমাণ পত্ৰৰ লগতে এজনক আটক।
এক গোপন খবৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকাশ দাসৰ সহযোগত আৰক্ষীৰ এটা সঁজাতি দলে কালাপানী আৰক্ষী চকী এলেকাৰ বাঘাপাৰাৰ বৌ বজাৰত আৰক্ষীয়ে অভিযান চলায়(Hatsingimari News)।
আৰক্ষীৰ অভিযানত বৌবজাৰৰ জহিৰুল ইছলামৰ ঘৰৰ পৰা ভুৱা ৫০ খন ভুৱা জন্মৰ প্ৰমাণ পত্ৰ , ২৭ খন হস্পিতালৰ ছীল, ১১ খন ভুৱা মৃত্যুৰ প্ৰমাণ পত্ৰ , ১৩৪খন আধাৰ কাৰ্ড, ১১খন পেন কাৰ্ড, ২৫খন ভোটাৰ আইডি কাৰ্ড, ৩ খন এছ বি আই এ টি এম কাৰ্ড, ৮ খন পি এন বি এ টি এম কাৰ্ড – ১টা কেনন প্ৰিণ্টাৰ , ১টা গোলাপী জেৰক্স কাগজৰ ৰিম জব্দ কৰাৰ লগতে এজনক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন ব্যক্তিজনক ইতিমধ্যে কালাপানী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
লগতে পঢ়ক : WATCH | Jamugurihat Gorkha Pressmet : গোৰ্খা ছাত্ৰ সন্থাক কলংকিত নকৰিবলৈ আহ্বান নদুৱাৰ গোৰ্খা সমাজৰ