Local, Vocal, Global

WATCH | Udalguri News : ওদালগুৰিৰ ৰৌতাৰ ধিপবিচৰাত গাঁৱত UPPL দলৰ সমূহীয়া ইফতাৰ কাৰ্যসূচী

ওদালগুৰি,১১মাৰ্চ : পৰিষদীয় নির্বাচনৰ প্ৰাকক্ষণত BTC ৰ সংখ্যালঘু বসতি প্রধান এলেকাত হঠাত তৎপৰ হৈছে শাসকীয় দল UPPL।

পবিত্র ৰমজান মাহ উপলক্ষে ওদালগুৰিৰ ৰৌতাৰ ধিপবিচৰাত গাঁৱত UPPL দলৰ সমূহীয়া ইফতাৰ ও দুৱাৰ অনুষ্ঠানৰ আয়োজন। ধনশ্ৰী ব্লক সমিতিৰ উদ্যোগত ইকৰাবাৰী প্ৰাইমাৰী সমিতিৰ সহযোগত ইকৰাবাৰী VCDC প্ৰাংগনত প্ৰায় ৩০০ লোকৰ সমাগমৰে আয়োজন কৰে সমূহীয়া ইফতাৰ। জাতি,ধৰ্ম, বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে এই ইফতাৰ অনুষ্ঠানত(Udalguri News)।

উপস্থিত থাকে ৩৭ নং ধনশ্ৰী সমষ্টিৰ TCLCC ৰ চিয়াৰমেন ৰুজোগৌৰা মুচাহাৰী, ধনশ্ৰী ব্লক সমিতিৰ সভাপতি ৰতেন্দ্ৰ দৈমাৰী, CWC MEMBER শ্বাহেব খান আদি কৰি বহু বিশিষ্ট ব্যক্তি | ইফতাৰৰ লগত সংগতি ৰাখি বিশ্ব শান্তি ও ভাতৃত্ববোধৰ বাবে কৰে দোৱা।

ইছলাম ধৰ্মৰ পৱিত্ৰ ৰমজান মাহত দিনটো অনাহাৰে থাকি, ৰোজা ৰাখি ইফতাৰৰ যোগান ধৰোৱা UPPL দলৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে ধন্যবাদ জনায় ৰাইজে।

লগতে পঢ়ক :WATCH | Rongali Bihu 2025: বাপতি সাহোন ৰঙালী বিহু সমাগত;ৰাজ্যৰ ভিন্ন প্ৰান্তত উখল-মাখল পৰিৱেশ