WATCH | Illegal Sand Mining : গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ বালিৰ ৰমৰমীয়া ব্যৱসায়
গোৱালপাৰা,১০মাৰ্চ : গোৱালপাৰাত ব্ৰহ্মপুত্ৰৰ বালিৰ ৰমৰমীয়া ব্যৱসায়। ব্ৰহ্মপুত্ৰৰ বালিক লৈ টনা অজৰা বালি মাফিয়াৰ।
এইয়া হৈছে গোৱালপাৰা জিলাৰ ২নং বলদ মাৰী চৰৰ মদন বজাৰৰ দৃশ্য। স্থানীয় একাংশ মাফিয়াই বালি খনন কৰি জিলাখনৰ বিভিন্ন ঠাইলৈ বালি বিক্ৰী কৰাৰ অভিযোগ উঠিছে। ৰাইজে বাধা দিলেই বালি মাফিয়াই ওলোটাই ধমকি দিয়াৰো অভিযোগ উত্তাপন হৈছে(Illegal Sand Mining)।
কাৰ সাহসত চলিছে বালিৰ ৰমৰমীয়া ব্যৱসায়?
একাংশ V.D.V secretary ক লগত লৈ বালি মাফিয়াই কেৰেপ নকৰি চলাই গৈছে বালিৰ ৰমৰমীয়া ব্যৱসায়। ইমান দিনে চৰকাৰী মাটি দখল দিয়াৰ কথা শুনিছে। কিন্তু কেতিয়াৱা শুনিছে নে ব্ৰহ্মপুত্ৰৰ মাটি দখল দিয়াৰ কথা। তেতিয়া হলে শুনক। ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ পাছতেই চৰ চাপৰি সমূহ মুখে মুখে নিজৰ নামত দখল কৰি একাংশই চলাই গৈছে বালিৰ ৰমৰমীয়া ব্যৱসায়।
কোনে নাকি লগাব লগাব এই সমূহ বালি মাফিয়াক?
ইতিমধ্যে গোৱাল পাৰা টাউনৰ হুলুকান্দা পাহাৰৰ পৰা বলদ মাৰী চৰৰ ২য় খণ্ড নদীৰ সমস্যা দুৰ কৰাৰ কাৰনে চৰকাৰে কোটি কোটি টকা খৰচ কৰি আছে আৰু আনফালে আন একাংশ স্থানীয় tractarৰ মালিকে নিজৰ ইচ্ছামতে ৰাতি পুৱাৰ পৰা ৰাতি লৈকে নিজৰ ব্যৱসায়ৰ স্বাৰ্থত বালি খান্দি বিক্ৰী কৰি আহিছে।
প্ৰসাশন বা বন বিভাগৰ ভুমিকাক লৈ ৰাইজৰ সন্দেহ!
বালি মাফিয়াৰ লগত প্ৰসাশন বা বন বিভাগ মেনেজ হৈ বালি ৰমৰমীয়াকৈ বালিৰ ছিণ্ডিকেট চলাবলৈ সাহস দিয়া হৈছে নেকি । আমাৰ বাতৰিৰ পাছত প্ৰসাশন বা বন বিভাগ কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া সময়ে কব।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma: ‘অসমত থাকিব লাগিলে বিজেপিৰ পক্ষত কথা ক’ব লাগিব’