WATCH | Gelakey News: লাড়ৈগড় তৰুণ সমাজ ক্ৰীড়া সন্থা আৰু বৰছিলা ক’লা কৃষ্টিৰ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত টি ২০ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত মেচ
গেলেকী,১০মাৰ্চ : লাড়ৈগড় তৰুণ সমাজ ক্ৰীড়া সন্থা আৰু বৰছিলা ক’লা কৃষ্টিৰ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত টি ২০ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত মেচ ।
প্ৰয়াত ড° গোলাপ গায়ন আৰু অকণমান গায়নৰ সোঁৱৰণত অনুষ্ঠিত কৰা হৈছিল এই টি- ২০ ক্ৰিকেট প্ৰতিযোগিতাৰ ।
চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ২৯ তাৰিখৰ পৰা অনুষ্ঠিত হৈ আহিছিল এই প্ৰতিযোগিতা ভাগিৰ ।
নাজিৰা কেন্দ্ৰীয় ক্লাৱ শিৱসাগৰ ৰৱেলছ্ ক্লাৱৰ মাজত অনুষ্ঠিত হয় এই চূড়ান্ত মেচ(Gelakey News)।
ট্ৰচত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি নাজিৰা কেন্দ্ৰীয় ক্ৰিকেট ক্লাৱে নিৰ্দ্ধাৰিত ১৬ অভাৰত ৯ টা উইকেট হেৰুৱায় ৮৩ ৰাণ সংগ্ৰহ কৰে ।
প্ৰত্যুত্তৰত শিৱসাগৰ ৰয়েলছ্ ক্ৰিকেট ক্লাৱে মুজিবুৰ আলীৰ দুৰ্দান্ত বেটিংৰ সহায়ত মাত্ৰ ৮ অভাৰতে ১ টা উইকেট হেৰুৱায় বিজয় লক্ষ্যত উপনীত হয় ।
খেলখনত মুজিবৰ আলীক মেন অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় ।
আজিৰ এই প্ৰতিযোগিতাৰ চূড়ান্ত মেচত উপস্থিত আছিল প্ৰয়াত ড° গোলাপ গায়ন পৰিয়ালবৰ্গ লাড়ৈগড় তৰুণ সমাজ ক্ৰীড়া সন্থাৰ বিষয়ববীয়া, বৰছিলা ক’লা কৃষ্টি সংঘৰ বিষয়ববীয়াৰ লগতে ভালেকেইজন আমন্ত্ৰিত অতিথি ।
উল্লেখযোগ্য যে সুদীৰ্ঘ ২৪ বছৰৰ মূৰত এনে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা আমগুৰি সমষ্টিৰ ভিতৰত অনুষ্ঠিত হৈছে ।
লগতে পঢ়ক :WATCH | Dergaon News: আজিও মুকলি হোৱা নাই দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ৰ নতুন গৃহটো