Local, Vocal, Global

WATCH | Dergaon News: আজিও মুকলি হোৱা নাই দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ৰ নতুন গৃহটো

দেৰগাঁও,১০মাৰ্চ : দেৰগাঁও সামূহিক চিকিৎসালয়ত চিকিৎসাৰ নামত ভেঁকোভাওনা। আজিও মুকলি হোৱা নাই দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ৰ নতুন গৃহটো। ৩ কোটি ৩০ লাখ টকীয়া ভৱনত এবছৰে ওলমি আছে তলা।

নুমলীগড় তেল শোধানাগাৰ দ্বাৰা নিৰ্মিত ৩ কোটি ৩০ লাখ পুঁজিৰে নিৰ্মান কৰা দেৰগাঁও সামূহিক চিকিৎসা কেন্দ্ৰৰ লগত সংলগ্ন এটা প্ৰসূতি আৰু শিশু স্বাস্থ্য বাবে নতুন কৈ নিৰ্মাণ কৰা বৃহৎ অট্টালিকাটো কিন্তু আজিও ব্যৱহাৰ হোৱা পৰিলক্ষিত নহ’ল(Dergaon News)।

গৃহটো নিৰ্মাণ কৰা ডেৰ বছৰ উকলি যোৱাৰ পাছতো চিকিৎসক বা অন্যান্য কৰ্মচাৰী অভাৱত আজিও ব্যৱহাৰ হোৱা নাই বিশেষকৈ প্ৰসূতি আৰু শিশু চিকিৎসাৰ বাবে নিৰ্মান কৰা এই বিল্ডিংটো। চিকিৎসালয় খনৰ চৌহদত আৱৰি ধৰিছে হাবি জংঘলে। উলমি আছে এটা বৃহৎ তলা।

দেৰগাঁৱৰ প্ৰায় ৩০০খন গাঁও সাঙুৰি লোৱা এই চিকিৎসালয় খনত এনেদৰে ডেৰ বছৰে পৰি আছে নৱ নিৰ্মিত এটা বৃহৎ বিল্ডিঙটো। কানসাৰ নাই দেৰগাঁও সমষ্টিৰ বিধায়ক বা বিভাগীয় মন্ত্ৰীৰ। বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে গৃহটো উদ্বোধন কৰিয়ে দায়িত্ব সামৰিলে।

লগতে পঢ়ক :WATCH | Assam Budget 2025: ১১:৩০ বজাৰ লগে লগে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ‘‘অসম বাজেট ২০২৫-২৬’’