Local, Vocal, Global

Watch | SIVASAGAR ROYAL’S CRICKET CLUB CHAMPION: লাড়ৈগড় তৰুণ সমাজ ক্ৰীড়া সন্থা আৰু বৰছিলা ক’লা কৃষ্টিৰ সংঘৰ উদ্যোগত টি ২০ ক্ৰিকেট প্ৰতিযোগিতা

গেলেকী: লাড়ৈগড় তৰুণ সমাজ ক্ৰীড়া সন্থা আৰু বৰছিলা ক’লা কৃষ্টিৰ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত টি ২০ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত মেচ। প্ৰয়াত ড° গোলাপ গায়ন আৰু অকণমান গায়নৰ সোঁৱৰণত অনুষ্ঠিত কৰা হৈছিল এই টি- ২০ ক্ৰিকেট প্ৰতিযোগিতাৰ। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ২৯ তাৰিখৰ পৰা অনুষ্ঠিত হৈ আহিছিল এই প্ৰতিযোগিতা খন। নাজিৰা কেন্দ্ৰীয় ক্লাৱ শিৱসাগৰ ৰৱেলছ্ ক্লাৱৰ মাজত অনুষ্ঠিত হয় এই চূড়ান্ত মেচখন ।

ট্ৰচত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ‘নাজিৰা কেন্দ্ৰীয় ক্ৰিকেট ক্লাৱে’ নিৰ্দ্ধাৰিত ১৬ অভাৰত ৯ টা উইকেট হেৰুৱায় ৮৩ ৰাণ সংগ্ৰহ কৰে ।প্ৰত্যুত্তৰত শিৱসাগৰ ‘ৰয়েলছ্ ক্ৰিকেট ক্লাৱে’ মুজিবুৰ আলীৰ দুৰ্দান্ত বেটিংৰ সহায়ত মাত্ৰ ৮ অভাৰতে ১ টা উইকেট হেৰুৱায় বিজয় লক্ষ্যত উপনীত হয়। খেলখনত মুজিবৰ আলীক মেন অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় ।

আজিৰ এই প্ৰতিযোগিতাৰ চূড়ান্ত মেচত উপস্থিত আছিল প্ৰয়াত ড° গোলাপ গায়ন পৰিয়ালবৰ্গ লাড়ৈগড় তৰুণ সমাজ ক্ৰীড়া সন্থাৰ বিষয়ববীয়া, বৰছিলা ক’লা কৃষ্টি সংঘৰ বিষয়ববীয়াৰ লগতে ভালেকেইজন আমন্ত্ৰিত অতিথি ।উল্লেখযোগ্য যে সুদীৰ্ঘ ২৪ বছৰৰ মূৰত এনে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা আমগুৰি সমষ্টিৰ ভিতৰত অনুষ্ঠিত হৈছে ।