Local, Vocal, Global

Watch | Jagiroad news: জাগীৰোডৰ সীতাজলা মাধ্যমিক বিদ্যালয়ৰ পূৰ্ব বিদ্যাৰ্থী সন্মিলন

জাগীৰোড : ১৯৬২ চনতে জাগীৰোডৰ আমলিঘাটত স্থাপিত হোৱা সীতাজখলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰথম গৰাকী প্ৰধান শিক্ষক সুধীন্দ্ৰ নাথ সেনগুপ্তৰ আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতৰ বাসগৃহত দেওবাৰে আয়োজন কৰা হয় এক স্মৃতি চাৰণ সভাৰ ৷ সীতাজখলা মাধ্যমিক বিদ্যালয়ৰ পূৰ্ব বিদ্যাৰ্থী সন্মিলনী আৰু সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ যৌথ উদ্যোগত আয়োজন কৰা হয় এই স্মৃতি চাৰণ সভাৰ ৷ প্ৰয়াত শিক্ষক গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনাৰ পিছতে সহকৰ্মী চিন্তা দেৱী, উত্তম চন্দ্ৰ ডেকা আৰু প্ৰথম গৰাকী ছাত্ৰ জগ বাহাদুৰ চেত্ৰী আৰু স্থানীয় কেইবাগৰাকীও লোকে প্ৰয়াত শিক্ষক গৰাকীৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে ৷


ইয়াৰ পিছতে সমাজসেৱক নাৰায়ণ কুমাৰ ৰাডু কাকতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতি চাৰণ সভাত প্ৰয়াত শিক্ষাগুৰু সুধীন্দ্ৰ নাথ সেনগুপ্তৰ সোঁৱৰণত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ‘স্মৰণলিপি ‘উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক উত্তম চন্দ্ৰ ডেকাই ৷


আনহাতে সীতাজখলা মাধ্যমিক বিদ্যালয়ৰ পূৰ্ব বিদ্যাৰ্থী সন্মিলনী আৰু সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ তৰফৰ পৰা এক শোক প্ৰস্তাৱ প্ৰয়াত শিক্ষাগুৰু সুধীন্দ্ৰ নাথ সেনগুপ্তৰ পৰিয়ালবৰ্গক অৰ্পন কৰাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷


তাৎপৰ্যপূৰ্ণ বিষয় যে, যি সময়ত একাংশ শিক্ষক বা শিক্ষাৰ্থীৰ বিৰুদ্ধে শুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সনাৰ অভিযোগ উত্থাপিত হয়, তেনে সময়তে এগৰাকী প্ৰয়াত শিক্ষাগুৰুৰ প্ৰতি পূৰ্ব বিদ্যাৰ্থী সন্মিলনীয়ে প্ৰদান কৰা সন্মানক শলাগ লৈছে সকলোৱে ৷