WATCH | Hajo News: হাজোৰ চৰাবৰীৰ কঠালঘোপাত আজব কাণ্ড;খেতি কৰিবলৈ ভূমি আধি দি বিপদত গৰাকী

হাজো,৯মাৰ্চ : হাজোৰ চৰাবৰীৰ কঠালঘোপাত আজব কাণ্ড। খেতি কৰিবলৈ ভূমি আধি দি বিপদত গৰাকী।
শয্যাগত মহিলাৰ স্বাক্ষৰ জালিয়তি কৰি ভূমি বেদখলৰ চেষ্টা দুষ্টচক্ৰৰ।
মাটি আধি খাবলৈ দিয়া ব্যাক্তিয়ে জালিয়তিৰে গৰাকীৰ ভূমি বেদখলৰ চেষ্টা(Hajo News)।
আধি খোৱাৰ সুযোগ লৈ আনৰ ভূমি চহী জালিয়তিৰে নিজৰ নামত কৰাৰ অপচেষ্টা দুষ্টচক্ৰৰ।
কেৱল ভূমি বেদখলে নহয়,প্ৰকৃত অংশীদাৰৰ স্বাক্ষৰ নোহোৱাকৈ জালিয়তি কৰি বাটোৱাৰা কৰিলে ভূমি।
উপায়ন্তৰ হৈ ভুক্তভোগীয়ে কামৰূপ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত লিখিত অভিযোগৰ দিয়াৰ পিছতে কৰ্তন হয় ভূৱা বাটোৱাৰা আৰু অনুমোদন।
আনহাতে ভূমিৰ গৰাকীয়ে কৰা খেতিও বলপুৰ্বকভাৱে কাটি লৈ যায় চক্ৰটোৱে।
এফালে শয্যাগত মাতৃ আনফালে প্ৰয়াত পিতৃৰ ভূমি ৰক্ষাৰ চেষ্টাত বিনিদ্ৰ ৰজনী কটাইছে এতিয়া পুত্ৰই।
লগতে পঢ়ক : WATCH | Rape Case: পুনৰ পোহৰলৈ আহিছে আন এক ধৰ্ষণৰ ঘটনা