WATCH | Mangaldoi News: BJP মণ্ডল সভাপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

মঙলদৈ,৯মাৰ্চ : ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা সমিতিৰ অন্তৰ্গত টাংনি মণ্ডলৰ নব নিযুক্ত সভাপতি সাহা আলমৰ বিৰুদ্ধে প্ৰকাশ পাইছে বহু গুৰুতৰ অভিযোগ। সভাপতি গৰাকীয়ে নিজ সতীৰ্থ সকলৰ সৈতে দীৰ্ঘদিনৰ পৰা শীতল যুদ্ধ চলাই আহিছে।
জানিব পৰা মতে, সভাপতি সাহা আলমে টাংনি মণ্ডলৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ পিছৰ পৰাই একাংশ সতীৰ্থক মিছা প্ৰলোভন দিয়াৰ লগতে ভয় ভাবুকি প্ৰদান কৰি আহিছে। বিশেষকৈ মইনুল হক নামৰ যুৱক এজনক টাংনি মণ্ডলৰ সাধাৰণ সম্পাদকৰ পদ প্ৰদান কৰিব বুলি মিছা প্ৰলোভন দি বিভিন্ন ক্ষেত্ৰত ধন খৰছ কৰোৱাৰ লগতে জিলা পৰ্যায়ৰ জেষ্ঠ নেতাক কাপোৰ ছিলোৱাই দিছে। এই অভিযোগ তোলে মইনুল হকে(Mangaldoi News)।
ইয়াৰ উপৰিও মণ্ডল সমিতিৰ বহু নেতা কৰ্মীৰ সৈতে অসৎ অসৎ আচৰণ কৰি আহিছে। মাতলেব উদ্দীন নামৰ ব্যক্তি এগৰাকীৰ সৈতেও অসন্তোষ জনক ব্যৱহাৰ কৰিছে বুলিও অভিযোগ উত্থাপিত হয়। যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে মণ্ডলৰ সমিতিৰ কৰ্মী সকলে। কোনোবা সতীৰ্থই সভাপতি গৰাকীৰ ইচ্ছাৰ বিপৰীতে গলে সেইগৰাকী ব্যক্তিক ৰঙা দাগ লগাই দিব বুলিও ভাবুকি প্ৰদান কৰে।
আনহাতে সাহা আলমৰ সভাপতি হোৱাৰ কোনো যোগ্য নাই, ইয়াৰ কোনো কাম নাই, এনেধনৰ বহু অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে টাংনি মণ্ডলৰ বাকী সদস্য সকলে। গতিকে জিলা সমিতিয়ে অতি সোনকালে এই গৰাকী সভাপতি সাহা আলমৰ বিৰুদ্ধে সাংগঠনিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সভাপতিৰ পদ খাৰিছ কৰিবলৈ অনুৰোধ জনায় টাংনি মণ্ডলৰ ন-পুৰণি নেতা কৰ্মী সকলে। সাহা আলমৰ বিৰুদ্ধে জিলা সমিতিয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।