WATCH | Nagarbera News: ৩০ বছৰে মুকলি নহ’ল ৩০খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসাল
নগৰবেৰা,৯মাৰ্চ : সম্প্ৰতি ভূত বাংলাত পৰিণত হৈছে কামৰূপ জিলাৰ নগৰবেৰাৰ ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়। বৃহত্তৰ অঞ্চলটোৰ লক্ষাধিক লোকৰ চিকিৎসা সেৱাৰ বাবে নগৰবেৰা গ্ৰাম্য চিকিৎসালয়খনৰ মূল ভৱনৰ লগতে আৱাস গৃহ সমূহ নিৰ্মাণ কৰা হয় যদিও আজিলৈকে চিকিৎসালয়খন মুকলি কৰা নহল(Nagarbera News)।
স্থানীয় লোকৰ মতে, প্ৰায় ৩০ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে চিকিৎসালয়খন। হাবি-জংঘলে আৱৰি ধৰিছে চিকিৎসালয়ৰ গৃহসমূহ। জহি খহি উৱঁলি গৈছে চিকিৎসালয়খনৰ প্ৰতিটো গৃহ। নগৰবেৰাৰ ত্ৰিছখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন ভূত বাংলোত পৰিণত হৈছে।
চিকিৎসা সেৱাৰ ক্ষেত্ৰত চৰকাৰে নিত্য নতুন আঁচনি গ্ৰহণ কৰাৰ লগতে গাঁৱে ভূঞে চিকিৎসালয় স্থাপন কৰাৰ সময়তে নগৰবেৰা গ্ৰাম্য চিকিৎসালয়খন ৩০ বছৰ পাছতো মুকলি কৰা নহল। স্বাস্থ্য বিভাগৰ এনে অৱহেলাৰ বাবেই বৃহত্তৰ নগৰবেৰা অঞ্চলৰ লোক সকলে উন্নত চিকিৎসাৰ বাবে দৈনিক গুৱাহাটী অথবা গোৱালপাৰা লৈ যাব লগীয়া হয়। শীঘ্ৰে চিকিৎসালয়খন মুকলি কৰি বিশেষজ্ঞ চিকিৎসক নিযুক্তি দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে অঞ্চলবাসীয়ে।
লগতে পঢ়ক : WATCH | Doom Dooma News: পেঙেৰী খাটাংপানী আঞ্চলিক বন কাৰ্যালয়ৰ বৃহৎ সাফল্য