Local, Vocal, Global

WATCH | International Women’s Day 2025: নাৰী দিৱস উপলক্ষে হাটশিঙিমাৰীস্থিত জিলা পেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

হাটশিঙিমাৰী,৮মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰী দিৱস উপলক্ষে দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীস্থিত জিলা পেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় ।

জিলা সমাজ কল্যাণ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা সেৱা আইন প্ৰাধিকাৰীৰ সহযোগতত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস(International Women’s Day 2025) ।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে জিলা সেৱা আইন প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াই নাৰীৰ বিভিন্ন অধিকাৰ আৰু আইনী সেৱাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ।

উক্ত সভাত উপস্থিত আছিল জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লগতে উপস্থিত আছিল বহুত আমন্ত্ৰিত অতিথি লগতে উপস্থিত আছিল জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা স্কুল কলেজীয়া ছাত্ৰী সকল ।

লগতে পঢ়ক :WATCH | Pangolin rescued : বিলাসীপাৰা উদ্ধাৰ বিৰল প্ৰজাতিৰ বনৰৌ