Local, Vocal, Global

WATCH | International Women’s Day 2025: উত্তৰ গুৱাহাটী মধ্যমখণ্ডত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

উত্তৰ গুৱাহাটী,৮মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস । মহিলাৰ বাবে উৎসৰ্গিত এটা পবিত্ৰ দিন ।

বিশ্ব জুৰি উদযাপন কৰা হৈছে নাৰী দিৱসৰ কাৰ্যসূচী । উত্তৰ গুৱাহাটী মধ্যমখণ্ডত নাৰী দিৱসৰ আকৰ্ষণীয় অনুষ্ঠান।

“সিন্ধিশা গ্ৰীণচ”ৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ল অসমীয়া পৰম্পৰাগত খাদ্যৰ ৰন্ধন প্ৰতিযোগিতা । বিভিন্ন সুস্বাদু খাদ্যৰ সম্ভাৰ লৈ শতাধিক মহিলাই অংশ ল’লে প্ৰতিযোগিতা খনত । কোমোৰা সৈতে হাঁহ, কঠাল পাতৰ ভাপত সিজোৱ পিঠা, মধুৰিয়ামৰ চাটনি, ভাপত দিয়া ৰৌমাছ, বিলাহী আৰু মান ধনীয়াৰ মাছ,তিলেৰে ৰন্ধা মুৰ্গী আদি বিভিন্ন ব্যঞ্জনে ভৰি পৰিল প্ৰতিযোগিতাস্থলী । প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকি অভিনেত্ৰী কল্পনা কলিতা,চেফ অঞ্জলি বড়া, শৰীৰ চৰ্চাবিদ ভাস্কৰ তামুলীয়ে ভূয়সী প্ৰশংসা কৰে প্ৰতিযোগী সকলক(International Women’s Day 2025)।

অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ তিনিগৰাকী বিশিষ্টা মহিলা লীলা দেৱী,পদুমী চমুৱা, ৰুণুমী বৰুৱাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :WATCH | Nagaon News: ৰূপহীহাটৰ ভাটিয়াখালিত উত্তপ্ত পৰিস্থিতি